অসম

assam

ETV Bharat / bharat

চাৰি ৰাজ্যৰ নিৰ্বাচনৰ মাজতে মহাৰাষ্ট্ৰৰ ৰাজনীতিত পট পৰিৱৰ্তন - অনিল দেশমুখৰ পদত্যাগ বাতৰি

সোমবাৰে মহাৰাষ্ট্ৰ কেবিনেটৰ পৰা পদত্যাগ কৰিলে গৃহমন্ত্ৰী অনিল দেশমুখে ৷ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ হাতত নিজ পদত্যাগ পত্ৰ প্ৰদান কৰে দেশমুখে ৷

Mumbai Flash Home Minister Anil Deshmukh resigns
চাৰি ৰাজ্যৰ নিৰ্বাচনৰ মাজতে মহাৰাষ্ট্ৰৰ ৰাজনীতিত পট পৰিৱৰ্তন

By

Published : Apr 5, 2021, 4:09 PM IST

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল: দেশৰ চাৰি ৰাজ্য ক্ৰমে অসম, তামিলনাডু, পশ্চিম বংগ, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত অব্যাহত থকা নিৰ্বাচনী ঢৌৰ সমান্তৰালকৈ মহাৰাষ্ট্ৰৰ ৰাজনীতিতো সোমবাৰে দেখিবলৈ পোৱা গ’ল আকস্মিক পট পৰিৱৰ্তন ৷ মহাৰাষ্ট্ৰ কেবিনেটাৰ পৰা পদত্যাগ গৃহমন্ত্ৰী অনিল দেশমুখৰ ৷

চাৰি ৰাজ্যৰ নিৰ্বাচনৰ মাজতে মহাৰাষ্ট্ৰৰ ৰাজনীতিত পট পৰিৱৰ্তন

উল্লেখ্য যে, মুম্বাইৰ প্ৰাক্তন আৰক্ষী অধীক্ষক পৰম বীৰ সিঙে দেশমুখৰ ওপৰত এক দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰিছল ৷ ইয়াৰ শুনানিতে সোমবাৰে বোম্বে উচ্চ ন্যায়ালয়ে 15 দিনৰ ভিতৰত এই দুৰ্নীতিৰ প্ৰাৰম্ভিক অনুসন্ধান কৰিবলৈ চি বি আইক নিৰ্দশনা প্ৰদান কৰিছিল ৷

বোম্বে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতেই কেবিনেটৰ পৰা পদত্যাগ কৰে গৃহমন্ত্ৰী গৰাকীয়ে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰে দেশমুখে ৷

লগতে পঢ়ক-কেৰালা নিৰ্বাচন: 6 এপ্ৰিলত তীব্ৰ অপ্ৰত্যাশিত নিৰ্বাচনী যুঁজৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details