অসম

assam

ETV Bharat / bharat

Sharad Pawar death threat case : শৰদ পাৱাৰ ভাবুকি গোচৰত এজনক গ্ৰেপ্তাৰ - NCP leader Sharad Pawar

এনচিপি দলৰ মুৰব্বী শৰদ পাৱাৰক হত্যাৰ ভাবুকি প্ৰদান কৰা এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ৩৪ বছৰীয়া লোকজন সাগৰ বাৰ্ভে বুলি চিনাক্ত হৈছে । আইটি ফাৰ্মৰ কৰ্মচাৰী বাৰ্ভে ।

Sharad Pawar death threat case
শৰদ পাৱাৰ ভাবুকি গোচৰত এজনক গ্ৰেপ্তাৰ

By

Published : Jun 12, 2023, 12:52 PM IST

নেশ্যনেল ডেস্ক,১২ জুন :মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক হত্যাৰ ভাবুকি প্ৰদান কৰা এজনক গ্ৰেপ্তাৰ । মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক হত্যাৰ ভাবুকি প্ৰদান কৰা ৩৪ বছৰীয়া এজনক গ্ৰেপ্তাৰ কৰে । পুনেৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক । ধৃত লোকজন সাগৰ বাৰ্ভে বুলি চিনাক্ত হৈছে যি এটা আইটি ফাৰ্মৰ কৰ্মচাৰী ।

আৰক্ষীয়ে জনোৱা মতে ধৃত সাগৰ বাৰ্ভেক আদালতত হাজিৰ কৰোৱা হৈছিল আৰু তেওঁক ১৩ জুনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । লোকজনক পুনৰ কাইলৈ অৰ্থাৎ মঙলবাৰে আদালতত হাজিৰ কৰোৱা হ'ব । আৰক্ষী সূত্ৰৰ মতে তেওঁলোকে গোচৰটোৰ অধিক তদন্তৰ বাবে লোকজনক পুনৰ জিম্মাত বিচাৰিব । আৰক্ষীয়ে কয় যে প্ৰযুক্তিবিদ্যাত পাকৈত লোকজনে শৰদ পাৱাৰলৈ মৃত্যুৰ ভাবুকি প্ৰেৰণ কৰাৰ বাবে দুটা ভুৱা সামাজিক মাধ্যমৰ একাউণ্ট সৃষ্টি কৰিছিল । মুম্বাই আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত টুইট কৰিছে ।

উল্লেখ্য যে ৯ মে'ত, শৰদ পাৱাৰৰ কন্যা তথা সাংসদ সুপ্ৰিয়া চুলেয়ে প্ৰকাশ কৰিছিল যে তেওঁ এটা ভাবুকিপূৰ্ণ মেছেজ পাইছিল । মেছেজৰ জৰিয়তে লোকজনে শৰদ পাৱাৰক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল । ইয়াক সুপ্ৰিয়া চুলেয়ে কু-ৰাজনীতি বুলি অভিহিত কৰিছিল । ঘটনাটোক গুৰুত্ব সহকাৰে ল'বলৈ সুপ্ৰিয়াই অনুৰোধ জনাইছিল ।

চুলেয়ে কৈছিল যে শৰদ পাৱাৰক এটা ৱেবছাইটৰ জৰিয়তে ভাবুকি দিয়া হৈছিল । ন্যায়ৰ বাবে তেওঁ মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীকো আহ্বান জনাইছিল । সুপ্ৰিয়াই আনকি সতৰ্ক কৰি দিছিল যে ন্যায় নাপালে তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্যিক গৃহ বিভাগক দোষাৰোপ কৰিব ।

ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে আৰক্ষীক প্ৰাক্তন মুখ্যমন্ত্ৰী শৰদ পাৱাৰৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছিল । উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে লগতে কৈছিল যে যদিও এনচিপিৰ সৈতে আদৰ্শগত মতভেদ আছে, এগৰাকী বিশিষ্ট বিৰোধী নেতাক ভাবুকি প্ৰদান কৰাটো সহ্য কৰা নহ'ব ।

লগতে পঢ়ক :Sharad Pawar threatening case : এনচিপি নেতা শৰদ পাৱাৰক হত্যাৰ ভাবুকি

ABOUT THE AUTHOR

...view details