অসম

assam

ETV Bharat / bharat

৪৮ ঘণ্টাৰ ভিতৰত মুম্বাই বিমানবন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি !

ই-মেইলযোগে বিটকইনত ১ মিলিয়ন ডলাৰৰ দাবী কৰিছে দুষ্টচক্ৰই । ধন পৰিশোধ নকৰিলে বিমানবন্দৰৰ টাৰ্মিনেল-২ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে ।

Mumbai Airport  threatening
মুম্বাইৰ বিমানবন্দৰত বোমাতংক

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 10:54 AM IST

নেশ্যনেল ডেস্ক,২৪ নৱেম্বৰ :মহাৰাষ্ট্ৰৰ ৰাজধানী চহৰ মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তীব্ৰ উত্তেজনা । বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি দুৰ্বৃত্তৰ । ই-মেইলযোগে টাৰ্মিনেল-২ত বোমা বিস্ফোৰণৰ ভাবুকি দিছে দুৰ্বৃত্তই । লগে লগে বিমানবন্দৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । বিমানবন্দৰ কৰ্তৃপক্ষক ৪৮ ঘণ্টাৰ ভিতৰত বিটকইনত ১ মিলিয়ন ডলাৰ পৰিশোধ কৰাৰ ভাবুকি দিয়া হৈছে । ভাবুকি পোৱাৰ লগে লগে মুম্বাই আৰক্ষী সক্ৰিয় হৈছে আৰু অনুসন্ধান আৰম্ভ কৰিছে ।

তথ্য অনুসৰি, যিটো ই-মেইলৰ পৰা এই ভাবুকি প্ৰেৰণ কৰা হৈছে সেই ই-মেইলটো চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে কোৱা মতে ই-মেইল প্ৰেৰণ কৰা ব্যক্তিজনে quaidacasrol@gmail.com ব্যৱহাৰ কৰিছে । একে সময়তে, মুম্বাই আৰক্ষীয়ে এগৰাকী অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে । আৰক্ষীয়ে কয় যে বোমা বিস্ফোৰণৰ ভাবুকিটো পুৱা প্ৰায় ১১ মান বজাত দিয়া হৈছিল । সমান্তৰালকৈ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে । ইফালে এই ই-মেইলটোৰ পাছত আন এটা ই-মেইল লাভ কৰিব বুলিও ভাবুকিটোত কোৱা হৈছিল ।

ই-মেইলযোগে ভাবুকিটো লাভ কৰাৰ পাছতে বিমানবন্দৰ কৰ্তৃপক্ষও সতৰ্ক হৈ পৰিছে । টাৰ্মিনেল-২ত নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে । প্ৰতিগৰাকী যাত্ৰী আৰু তেওঁলোকৰ বেগবোৰ তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে । অৱশ্যে ইয়াৰ আঁৰত কোন দুষ্টচক্ৰ জড়িত আছে সেয়া আৰক্ষীৰ তদন্তৰ পাছত হে পোহৰলৈ আহিব ।

লক্ষণীয়ভাৱে পূৰ্বেও এনেদৰে দেশৰ বিভিন্ন বিমানবন্দৰলৈ ভাবুকি অহা দেখা যায় । বিভিন্ন উদ্দেশ্যৰে ই-মেইল অথবা ফোনৰ জৰিয়তে দুষ্টচক্ৰই ভাবুকি প্ৰদান কৰে ।

লগতে পঢ়ক :ৰাজৌৰীত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত লস্কৰ ই তৈবাৰ শীৰ্ষ কমাণ্ডাৰ

ABOUT THE AUTHOR

...view details