অসম

assam

ETV Bharat / bharat

বিজেপিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব মোলায়ম সিং যাদৱৰ ভতিজাই - মৈনপুৰী পঞ্চায়ত নিৰ্বাচন

সমাজবাদী পাৰ্টিৰ পিতৃস্বৰূপ মোলায়ম সিং যাদৱৰ ভতিজাক সন্ধ্যা যাদৱে এইবাৰ টিকট লাভ কৰিছে বিজেপি দলৰ পৰা ৷ জিলা পঞ্চায়ত নিৰ্বাচনত মৈনপুৰীৰ পৰা বিজেপিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব সন্ধ্যা যাদৱে ৷

Sandhya Yadav
সন্ধ্যা যাদৱ

By

Published : Apr 8, 2021, 12:04 PM IST

নেশ্যনেল ডেস্ক,8 এপ্ৰিল : উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টিৰ পিতৃস্বৰূপ মোলায়ম সিং যাদৱৰ পৰিয়ালত সৃষ্টি হৈছে ৰাজনৈতিক সংঘাতৰ ৷ মোলায়ম সিং যাদৱৰ ভতিজাক সন্ধ্যা যাদৱে এইবাৰ বিজেপি দলৰ পৰা টিকট লাভ কৰিছে ৷ আগন্তুক জিলা পঞ্চায়তৰ নিৰ্বাচনত মৈনপুৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব সন্ধ্যা যাদৱে ৷

সন্ধ্যা যাদৱ হৈছে প্ৰাক্তন সাংসদ ধৰ্মেন্দ্ৰ যাদৱৰ ভনীয়েক আৰু তেওঁ এগৰাকী মৈনপুৰী জিলা পঞ্চায়তৰ অধ্যক্ষ ৷ বিগত বৰ্ষত সমাজবাদী পাৰ্টিৰ পৰা টিকট লাভ কৰি নিৰ্বাচনত জয়ী হোৱা সন্ধ্যা যাদৱে বুধবাৰে বিজেপি দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে ৷

উল্লেখ্য যে, দুবছৰ পূৰ্বে অৰ্থাৎ 2019 চনত সন্ধ্যা যাদৱৰ স্বামী অনুজেশে বিজেপি দলত যোগদান কৰিছিল ৷ অনুজেশে সাংবাদিকক জনোৱা মতে, ‘‘যদি সমাজবাদী পাৰ্টিৰ সদস্যসকলে মোৰ পত্নী (সন্ধ্যা)ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব পাৰে, তেন্তে তেওঁ বিজেপিৰ টিকটেৰে নিৰ্বাচনত অৱতীৰ্ণ পাৰে’’ । লগতে এইবাৰ নিৰ্বাচনত তেওঁৰ পত্নীয়ে জয়ী হ’ব বুলি দাবী কৰে অনুজেশে ।

সন্ধ্যা যাদৱৰ ভতিজাক অৰ্থাৎ মৈনপুৰীৰ প্ৰাক্তন সমাজবাদী সাংসদ তেজ প্ৰতাপ যাদৱে কয় যে, ‘‘দলটোৱে সন্ধ্যাক ৰাজনৈতিক বিৰোধী হিচাপে গণ্য কৰিব । আমাৰ নিজৰ প্ৰাৰ্থী আছে আৰু আমি তেওঁৰ বিজয়ৰ বাবে চেষ্টা অক্ষুন্ন ৰাখিম’’ ৷

এই সন্দৰ্ভত বিজেপিৰ জিলা সভাপতি প্ৰদীপ চৌহানে কয় যে, ‘‘মোলায়ম সিং যাদৱে নিজেই সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছিল ৷ যদি প্ৰাক্তন সাংসদৰ ভতিজীয়ে আমাৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছে, ইয়াৰ অৰ্থ হৈছে যে তেওঁ বিজেপিৰ উন্নয়নৰ কাৰ্যসূচীক সমৰ্থন কৰে । ইয়াত কোনো ভুল নাই । সকলোৰে নিজৰ পথ বাছনি কৰাৰ অধিকাৰ আছে’’ ।

অৱশ্যে, লক্ষ্নৌৰ সমাজবাদী পাৰ্টিৰ নেতাসকলে নাম প্ৰকাশ নকৰাৰ চৰ্তত স্বীকাৰ কৰে যে সন্ধ্যা যাদৱে বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত দল আৰু পৰিয়ালৰ বাবেও এক ডাঙৰ অস্বস্তিৰ বিষয় ।

লগতে পঢ়ক :৭০ টা ভোটকেন্দ্ৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী তিপ্ৰাৰ

ABOUT THE AUTHOR

...view details