অসম

assam

ETV Bharat / bharat

Mukul Roy Son Untraceable : মই দিল্লীলৈ আহিব নোৱাৰোঁ নেকি ? পুত্ৰৰ অভিযোগৰ পাচতেই মন্তব্য মুকুল ৰয়ৰ - Mukul Roy Son Untraceable case

টিএমচি নেতা মুকুল ৰয়ে কয় যে, তেওঁ কিছু ব্যক্তিগত কামৰ বাবে দিল্লীলৈ গৈছে । পুত্ৰই নিৰুদ্দেশ হোৱা বুলি কৰা মন্তব্যৰ পিচত কলকাতাৰ এখন আৰক্ষী চকীত নিৰুদ্দেশৰ এক গোচৰ দাখিল কৰাৰ মাজতে এই প্ৰতিক্ৰিয়া নেতাগৰাকীৰ (TMC leader Mukul Roy sons missing case) ।

Mukul Roy
Mukul Roy

By

Published : Apr 18, 2023, 7:20 PM IST

নিউজ ডেস্ক, ১৮ এপ্ৰিল : টিএমচিৰ জ্যেষ্ঠ নেতা মুকুল ৰয়ে (Senior TMC leader Mukul Roy) মঙলবাৰে পুৱা কয় যে, তেওঁ কিছু ব্যক্তিগত কামৰ বাবে নতুন দিল্লীত উপস্থিত হৈছে । উল্লেখ্য যে, তেওঁৰ পৰিয়াল বিশেষকৈ তেওঁৰ চিন্তিত পুত্ৰই দাবী কৰিছিল যে, তেওঁ সোমবাৰে সন্ধিয়াৰ পৰা "সন্ধানহীন" হৈ আছে (Mukul Roy Son Untraceable case) । তাৰ মাজতে মুকুল ৰয় মঙলবাৰে দিল্লীত উপস্থিত হয় । আনহাতে, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰয়ে কয় যে, তেওঁ ৰাষ্ট্ৰীয় ৰাজধানী ভ্ৰমণলৈ আহিছে যদি তেওঁৰ কোনো নিৰ্দিষ্ট কাৰ্যসূচী নাই (TMC leader Mukul Roy sons missing case) ।

"মই কেইবা বছৰ ধৰি সাংসদ হৈ আছোঁ । মই দিল্লীলৈ আহিব নোৱাৰোঁ নেকি ? আগতে মই নিয়মীয়াকৈ দিল্লীলৈ আহিছিলোঁ ।" ৰয়ে সাংবাদিকৰ আগত এনেদৰে কয় । উল্লেখ্য যে, প্ৰাক্তন ৰে'ল মন্ত্ৰীজনৰ পুত্ৰ সুভ্ৰাঘু ৰয়ে আনকি আৰক্ষী ওচৰত অভিযোগো দাখিল কৰিছিল ।

ইফালে তেওঁৰ নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ সৰ্বভাৰতীয় উপ-সভাপতি দিলীপ ঘোষে কয় যে, মুকুল ৰয় বহু দিনৰ আগতে 'নিৰুদ্দেশ' হৈছিল । "বিগত ছয় মাহ ধৰি তেওঁৰ কোনো খবৰ নাই ।" তেওঁ অভিযোগ কৰি কয় যে, ৰয় এজন মহান নেতা । "তেওঁৰ কোনো খবৰ কিয় নাই ?" তেওঁ এই মন্তব্য কৰি প্ৰশ্ন কৰে যে নেতাজনৰ বিষয়ে এতিয়া কোনেও 'চিন্তা' নকৰে । এসময়ৰ এজন শক্তিশালী নেতা ৰয় টিএমচিলৈ ঘূৰি অহাৰ পিচত একেবাৰে নিম্ন পৰ্যায়লৈ নামি গৈছে ।

উল্লেখ্য, হঠাতে নিৰুদ্দেশ হোৱাৰ বাতৰিৰ মাজতে তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপক লৈ বংগৰ ৰাজনৈতিক চক্ৰত জল্পনা-কল্পনা চলি আছিল । টিএমচি নেতৃত্বৰ সৈতে মতভেদৰ পিছত ৰয়ে ২০১৭ চনত গেৰুৱা শিবিৰত যোগদান কৰিছিল । তেওঁ বিজেপিলৈ যোৱাৰ পূৰ্বে মমতা বেনাৰ্জীৰ পিছতে টিএমচিৰ দ্বিতীয় শীৰ্ষ নেতা বুলি জনা গৈছিল ।

লগতে পঢ়ক :TMCS Mukul Roy : পুত্ৰৰ স্বাৰ্থত মুকুল ৰয়ে পুনৰ পিন্ধিব নেকি গেৰুৱা বসন !

ABOUT THE AUTHOR

...view details