নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিল : প্ৰাক্তন বিজেপি সদস্য তথা বৰ্তমানৰ তৃণমূল নেতা মুকুল ৰয় নিৰুদ্দেশ হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ সোমবাৰৰ বিয়লিৰ পৰাই টিএমচিৰ মুকুল ৰয় ‘নিৰুদ্দেশ’ অৱস্থাত আছে বুলি নেতাগৰাকীৰ পুত্ৰই সংবাদ সংস্থা পিটিআইক জনায় ৷ উল্লেখ্য যে, গেৰুৱা ৰং ত্যাগ কৰি মমতা বেনাৰ্জী নেতৃত্বাধীন দললৈ ঘূৰি অহাৰ পিচৰে পৰা প্ৰভাৱশালী নেতাগৰাকীক তৃণমূলে প্ৰদান কৰা নাছিল গুৰুত্বপূৰ্ণ বিষয়বাব ৷ আনহাতে, মুকুল ৰয়ৰ পুত্ৰ শুভাংশুৰ নাম সাঙোৰ খাইছিল ৰাজ্যখনৰ নিয়োগ দুৰ্নীতিৰ সৈতে ৷ গতিকে পুত্ৰক বচাবলৈকে পুনৰ বিজেপি দলৰ শৰণাপন্ন হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে (TMCS Mukul Roy missing) ৷
টিএমচি নেতা মুকুল ৰয়ৰ পুত্ৰই সোমবাৰৰে পৰা পিতৃৰ সৈতে যোগাযোগ কৰিব পৰা নাই বুলি সংবাদ সংস্থাক জানিবলৈ দিয়ে । সোমবাৰে সন্ধিয়া দিল্লী অভিমুখে বিমানত অৱতৰণ কৰাৰ কথা আছিল বিজেপি চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । সোমবাৰে নিশা কলকাতাৰ এন এছ চি বি আই বিমানবন্দৰ থানাতো এই সন্দৰ্ভত পুত্ৰই অভিযোগ দাখিল কৰে ।
২০১৭ চনত বিজেপি দলত যোগদান কৰাৰ পূৰ্বে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত মুকুল ৰয় আছিল এগৰাকী প্ৰভাৱশালী মন্ত্ৰী । বিজেপিত ৰায়ক ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি দিয়াৰ লগতে পশ্চিমবংগ বিজেপিৰ পঞ্চায়ত সমিতিৰ আহ্বায়ক হিচাপেও নিযুক্তি দিয়া হৈছিল (Mukul Roy arrives in Delhi) ৷
পঞ্চায়ত নিৰ্বাচনত তৃণমূল কংগ্ৰেছ দলে ৩৮ হাজাৰ আসন লাভ কৰিবলৈ সক্ষম হয় । ২০২১ চনত বিজেপিৰ টিকটেৰে কৃষ্ণনগৰৰ বিধায়ক আসনতো জয়ী হৈছিল মুকুল ৰয় । কিন্তু পিচত তেওঁ পক্ষ সলনি কৰি ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত পুনৰ টিএমচিলৈ আহে । উল্লেখ্য যে, নিখোজৰ প্ৰায় এদিন পিচতেই দিল্লীলৈ উৰা মৰা বুলি গম পোৱা গৈছে মুকুল ৰয় ৷ পুনৰ শিবিৰ সলনি কৰাৰ স্বাৰ্থতে দিল্লীত বাহৰ পাতিছে বুলি জানিবলৈ পৰা গৈছে ৰাজনৈতিক নেতাজনে ৷ পুত্ৰক নিৰাপত্তা প্ৰদানৰ স্বাৰ্থত পুনৰ গেৰুৱা বসন পিন্ধাৰ সম্ভৱনা আছে নেকি বুলিও বু বু বা বা চলা দেখিবলৈ পোৱা গৈছে (Mukul Roy news update) ৷
লগতে পঢ়ক :Historian Irfan Habib on Assam CM; ৰাজনৈতিক আলোচনাত আটাইতকৈ বিষাক্ত ব্যক্তি হিমন্ত বিশ্ব শৰ্মা : ইৰফান হাবিব