নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল: বহুজন সমাজবাদী পাৰ্টি (বিএছপি)ৰ বিধায়ক আৰু মাফিয়া ডন মুখতাৰ আনছাৰীয়ে হেৰুৱাব পাৰে বিধানসভাৰ সদস্যপদ । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইতিমধ্যে মুখতাৰ আনছাৰীৰ সদস্যপদ বাতিল কৰাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে । উল্লেখ্য যে, ৰাজ্যখনৰ মৌ সমষ্টিৰ পৰা মুখতাৰ আনছাৰীয়ে প্ৰতিনিধিত্ব কৰি আহিছে । উত্তৰ প্ৰদেশৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী সুৰেশ খান্নাই বিষয়টোত আইনী মতামত বিচৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত কয় ।
যদি কোনো বিধানসভাৰ সদস্যই ৬০ দিনৰ অধিক সময় সদনত যদি অনুপস্থিত থাকে তেনেহ'লে, নিয়ম অনুসৰি তেওঁৰ সদস্যপদ বাতিল কৰিব পাৰি । লগতে যদি কোনো সদস্যই তেওঁৰ সদস্যপদ বাতিল কৰিবলৈ এক আৱেদন দাখিল কৰে তেন্তে চৰকাৰে ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে সিদ্ধান্ত ল'ব বুলিও কয় সুৰেশ খান্নাই ।