নেশ্যনেল ডেস্ক, ১৯ জুলাই: পীযুষ গোৱেলক ৰাজ্যসভাৰ দলপতিৰ দায়িত্ব অৰ্পণ কৰাৰ পাছতে উপ-দলপতিৰ আসনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভিৰ পথ প্ৰশস্ত হৈছে । সোমবাৰে এক সূত্ৰই প্ৰকাশ কৰা মতে, ৰাজ্যসভাৰ উপ-দলপতিৰ হিচাপে মুখতাৰ আব্বাছ নকভিৰ নাম মনোনীত কৰা হৈছে । শেহতীয়াকৈ পীযুষ গোৱেলক ৰাজ্যসভাৰ দলপতি হিচাপে নিযুক্তি দিয়া হৈছে ৷
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীজন সংসদীয় বিষয়ৰ বিস্তৃত জ্ঞানৰ বাবে জনাজাত । আনহাতে, নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ প্ৰথমটো কাৰ্যকালত সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল । ৰাজনৈতিক দলবোৰৰ নেতাসকলৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক ৰখাৰ বাবেও জনাজাত নকভিৰ নিযুক্তি এই সময়চোৱাত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।