চিটাৰা ডেস্ক, 15 আগষ্ট :স্বাধীনতাৰ গৌৰৱময় 75 টা বছৰ অতিক্ৰম কৰাৰ ক্ষণত ভাৰত চৰকাৰে এইবাৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ‘আজাদী কা অমৃত মহোৎসৱ ২০২২’ ৰ অধীনত ‘ঘৰে ঘৰে জাতীয় পতাকা’ অভিযান আৰম্ভ কৰে ৷ ভাৰত চৰকাৰে সকলো জনসাধাৰণকে Har Ghar Tiranga অভিযানত যোগদান কৰিবলৈ আহ্বান জনাইছে । সাধাৰণ মানুহৰ পৰা নামী-দামী তাৰকা, উদ্যোগপতি সকলোৱে অংশ লৈছে এই অভিযানত ৷
সকলোৰে ঘৰে ঘৰে উৰিছে একো একোখনকৈ জাতীয় পতাকা ৷ কিন্তু অভিযানৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানীৰ বাসগৃহই ৷ মুকেশ আম্বানীয়ে মুম্বাইত থকা নিজৰ বিলাসী বাংলো ‘এন্টিলিয়া’ক ত্ৰিৰংগালৈ ৰূপান্তৰিত কৰিছে (Mukesh Ambani's house name)। তিনি বৰণীয়া জাতীয় পতাকাখনৰ ৰঙেৰে অতি বিলাসী আৰু সুন্দৰ শৈলীৰে সজাই পৰাই তোলা হৈছে ‘এন্টিলিয়া’ক ৷ এতিয়া দূৰ-দূৰণিৰ পৰা মানুহ আহিছে মুকেশ আম্বানীৰ বাংলো চাবলৈ ৷
ত্ৰিৰঙী লাইটেৰে সজাই তোলা মুকেশ আম্বানীৰ বাংলো এন্টিলিয়াৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ আম্বানী পৰিয়ালে দেশৰ স্বাধীনতা উদযাপন কৰিছে ।