নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী: ফৰ্বছ ৰিয়েল-টাইম বিলিয়নেয়াৰৰ তালিকা অনুসৰি আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিক অতিক্ৰম কৰি বিশ্বৰ ধনাৰ্ঢ্য ভাৰতীয়ৰ তালিকাত স্থান দখল কৰিছে মুকেশ আম্বানীয়ে (Mukesh Ambani replaces Gautam Adani ) ৷
মুঠ 84.1 বিলিয়ন ডলাৰৰ সম্পত্তিৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ (আৰআইএল) অধ্যক্ষ মুকেশ আম্বানী বিশ্বৰ আটাইতকৈ ধৰ্ণাঢ্য লোকৰ তালিকাত নৱম স্থান দখল কৰিছে (Mukesh Ambani richest Indian in world) ৷ ইফালে 83.9 বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে গৌতম আদানি দশম স্থানলৈ অৱনমিত হৈছে ৷
হিণ্ডেনবাৰ্গ গৱেষণা প্ৰতিবেদন প্ৰকাশ হোৱাৰ পূৰ্বে আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি বিশ্বৰ তৃতীয় ধনী ব্যক্তি আছিল ৷ এই তালিকাৰ শীৰ্ষত আছে ফৰাচী বিলাসী ফেশ্বন জায়াণ্ট এলএমভিএইচৰ বাৰ্ণাৰ্ড আৰ্নাল্ট আৰু পৰিয়াল। ২০২২ চনৰ ডিচেম্বৰত লুই ভুটনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া বাৰ্ণাৰ্ড আৰ্নাল্টে ইলন মাস্কক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হয়।