নেশ্যনেল ডেস্ক,১১ মাৰ্চ: ভাৰতৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানিৰ মুম্বাইস্থিত বাসগৃহৰ সন্মুখত বিস্ফোৰক সামগ্ৰী ভৰ্তি বাহন উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত তীব্ৰ গতিত চলিছে । বাহনখন জইছ-উল-হিন্দ নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে তাত থৈ যোৱাৰ দাবী কৰিছিল ৷ লগতে এটা টেলিগ্ৰাম বাৰ্তা প্ৰেৰণ কৰি কৈছিল যে ঘটনাটো কেৱল এটা ট্ৰেইলাৰহে আছিল । ইয়াৰ পিছতে সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে আৰম্ভ কৰিছিল তদন্ত । তদন্ত অব্য়াহত থকাৰ মাজতে নতুন নতুন তথ্য পোহৰলৈ আহিছে । সংস্থাটোৱে শেহতীয়াকৈ প্ৰকাশ কৰা মতে, দিল্লীৰ তিহাৰ জেলৰ সৈতে ঘটনাৰ সম্পৰ্ক থকাৰ উমান পোৱা গৈছে । অৱশ্যে আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰিলেও এই কথা পোহৰলৈ অহাৰ লগে লগে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।
আম্বানিৰ গৃহত বোমাতংক: পোহৰলৈ ন ন তথ্য - Mukesh Ambani bomb threat
উদ্যোগপতি মুকেশ আম্বানিৰ মুম্বাইস্থিত বাসগৃহৰ সন্মুখত বিস্ফোৰক সামগ্ৰী ভৰ্তি বাহন উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত তীব্ৰ গতিত চলিছে । সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডৰ তদন্তৰ মাজতে নতুন নতুন তথ্য পোহৰলৈ আহিছে । দিল্লীৰ তিহাৰ জেলৰ সৈতে ঘটনাৰ সম্পৰ্ক থকাৰ উমান পোৱা গৈছে ।

আম্বানিৰ ঘৰৰ সন্মুখত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ, পোহৰলৈ আহিছে ঘটনাৰ ন ন তথ্য
এটা চাইবাৰ সংস্থাৰ তদন্তত প্ৰকাশ পাইছে যে জইছ-উল-হিন্দ গোটৰ দ্বাৰা ব্যৱহৃত টেলিফোন নম্বৰটোৱে সূচায় যে এই ঘটনাত জড়িত দলটো তিহাৰ কাৰাগাৰত গঠন কৰা হৈছিল । লগতে ম'বাইল ফোনত ব্যৱহৃত চিম কাৰ্ডৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি জইছ-উল-হিন্দ গোটটো ২৬ ফেব্ৰুৱাৰীত গঠন কৰা হৈছিল বুলি জানিব পৰা গৈছে । সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডৰ এক সূত্ৰ অনুসৰি টিঅ'আৰৰ দৰে ডাৰ্কনেট এপ্লিকেচনবোৰ ব্যৱহাৰ কৰা হৈছিল ।
লগতে পঢ়ক:কৰ্তব্যৰত অৱস্থাত নিচাসক্ত: আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক গ্ৰেপ্তাৰ
TAGGED:
Mukesh Ambani bomb scare