নিউজ ডেস্ক, ৫ জুলাই :মধ্যপ্ৰদেশৰ সিধিৰ প্ৰস্ৰাৱ কাণ্ডই এক নতুন মোৰ লৈছে । ঘটনাটোৰ ভুক্তভোগীয়ে ভাইৰেল ভিডিঅ'টোত তেওঁ থকাৰ কথা অস্বীকাৰ কৰিছে । আনহাতে, বিজেপি নেতা প্ৰবেশ শুক্লাৰ পৰিয়ালৰ সদস্যসকলে কৈছে যে ভিডিঅ'টো পুৰণি, যিটো নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ বাবে ভাইৰেল হৈছে ।
উল্লেখ্য, মধ্যপ্ৰদেশৰ সিধিৰ পৰা ভাইৰেল হোৱা এটা ভিডিঅ'ত এজন জনজাতীয় লোকৰ ওপৰত প্ৰস্ৰাৱ কৰি থকা দেখা যোৱা বিজেপি নেতা প্ৰবেশ শুক্লাক বুধবাৰে মধ্যপ্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । কিন্তু আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পিছতেই ঘটনাটোত এটা মোৰ আহিছে । উক্ত কাণ্ডৰ ভুক্তভোগীয়ে এই কথা অস্বীকাৰ কৰি কৈছে যে ভিডিঅ'টো তেওঁৰ নহয় । আনহাতে, অভিযুক্তৰ পিতৃ আৰু পৰিয়ালৰ বক্তব্যও প্ৰকাশ পাইছে, য'ত তেওঁলোকে এই ভাইৰেল ভিডিঅ'টো ভুৱা বুলি অভিহিত কৰিছে । লগতে এই কথাও কৈছে যে তেওঁৰ পুত্ৰ এজন বিজেপি প্ৰতিনিধি আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে তেওঁৰ পুত্ৰৰ ভিডিঅ'টো ভাইৰেল কৰা হৈছে ।
ইফালে ভুক্তভোগীয়ে কৈছে যে ভিডিঅ'টোত থকা ব্যক্তিজন তেওঁ নহয় । মঙলবাৰলৈকে ভাইৰেল হৈ থকা ভিডিঅ'টোত দেখা পোৱা যুৱকজনে আৰক্ষীক দিয়া ভাষ্যত কয় যে এই ভিডিঅ'টো তেওঁৰ নহয় । "এইটো মোৰ ভিডিঅ' নহয়, মোৰ সৈতে এতিয়ালৈকে এনে কোনো ঘটনা সংঘটিত হোৱা নাই ।" যুৱকজনে কয় । তেওঁ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে । পূৰ্বতে কোৱা হৈছিল যে ভুক্তভোগীজন মানসিকভাৱে অসুস্থ । কিন্তু আৰক্ষীৰ মতে, ভুক্তভোগীজন মানসিকভাৱে সুস্থ ।
জানিব পৰা মতে, অভিযুক্তজন পূৰ্বতে সিধিৰ বিজেপি বিধায়ক কেদাৰনাথ শুক্লাৰ প্ৰতিনিধি আছিল । কিন্তু বিধায়কগৰাকীক এই বিষয়ে সোধাত তেওঁ এই কথা অস্বীকাৰ কৰে । কেৱল সেয়াই নহয়, বিধায়কজনে প্ৰবেশ শুক্লাক চিনাক্ত কৰিবলৈও অস্বীকাৰ কৰে । আনহাতে, অভিযুক্তৰ পিতৃ ৰমাকান্ত শুক্লাই কয়, "মোৰ পুত্ৰ এজন বিধায়কৰ প্ৰতিনিধি, যাৰ বাবে তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে । মই আশংকা কৰিছোঁ যে তেওঁক হত্যা কৰিব পাৰে ।"