অসম

assam

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 4:23 PM IST

ETV Bharat / bharat

Ujjain Bus Accident : উজ্জয়িনীত বাছ দুৰ্ঘটনাত ৩ যাত্ৰীৰ মৃত্যু, আহত বহু লোক

উজ্জয়িনীৰ পৰা ৭৫ কিলোমিটাৰ দূৰৈত খাচৰোদ তহচিলৰ ফাৰনাখেদি গাঁৱৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত তিনিজন লোক নিহত হয় । আনহাতে, আন কেইবাজনো লোক আহত হয় ।

Ujjain Bus Accident
Ujjain Bus Accident

মধ্যপ্ৰদেশৰ উজ্জয়িনীত ভয়ংকৰ বাছ দুৰ্ঘটনা

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : মধ্যপ্ৰদেশৰ উজ্জয়িনীত ধাৰাসাৰ বৰষুণৰ মাজতে শুকুৰবাৰে নিশা এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হয় । ইন্দোৰৰ পৰা উজ্জয়িনী হৈ অশোক ট্ৰেভেলছৰ এখন বাছ যাত্ৰীৰ সৈতে যোধপুৰলৈ গৈ আছিল । তেনে সময়তে উজ্জয়িনীৰ পৰা ৭৫ কিলোমিটাৰ দূৰৈত খাচৰোদ তহচিলৰ ফাৰনাখেদি গাঁৱৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

দুৰ্ঘটনাটোত তিনিজন লোক নিহত হয় । আনহাতে, আন কেইবাজনো লোক আহত হয় । জানিব পৰা মতে, বাছখনত ৪০-৪৫ জন লোক আছিল । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষী আৰু গাঁওবাসীৰ সহায়ত যাত্ৰীসকলক উদ্ধাৰ কৰি ৰতলাম জিলাৰ নাগদা চিকিৎসালয় আৰু জৱাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আহতসকলৰ তাত চিকিৎসা চলি আছে ।

উল্লেখ্য যে নিশা ধাৰাসাৰ বৰষুণৰ মাজতে অশোক ট্ৰেভেলছৰ বাছখন উজ্জয়িনীৰ পৰা যোধপুৰলৈ গৈ আছিল । কিন্তু হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই ওলটি পৰে । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে খাচৰোদ আৰক্ষী থানাৰ ষ্টেচন হাউছ বিষয়া নৰেন্দ্ৰ পৰিহাৰকে ধৰি আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় । গাঁওবাসীৰ সহযোগত আৰক্ষীয়ে আহতসকলক উদ্ধাৰৰ চেষ্টা কৰে । কিন্তু বাছখনৰ ভিতৰত বহু লোক আবদ্ধ হৈ থকাৰ ফলত ক্ৰেণ আনিবলগা হয় । ওৰেনিশা উদ্ধাৰ অভিযান চলে ।

অতি কষ্টেৰে যাত্ৰীসকলক বাহিৰলৈ উলিয়াই চিকিৎসাৰ বাবে ৰটলাম জিলাৰ জৱাৰা চিকিৎসালয় আৰু নাগদা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । তাতে তিনিজন লোকৰ মৃত্যু হয় আৰু সাতজনৰো অধিক লোক আহত হোৱা বুলি আৰক্ষী বিষয়া নৰেন্দ্ৰ পৰিহাৰে নিশ্চিত কৰে ।

উল্লেখ্য যে দুৰ্ঘটনাটোৰ খবৰ লাভ কৰি স্থানীয় বিধায়ক দিলীপ সিং গুৰ্জৰ আৰু গাঁও পঞ্চায়তৰ চৰপঞ্চ ফাৰনাখেড়ী ভাৰত গুৰ্জৰো গৈ ঘটনাস্থলীত উপস্থিত হয় । ঘটনাটো ফাৰনাখেদি খাচৰোদ গাঁৱৰ পৰা ১০ কিলোমিটাৰ দূৰৈত সংঘটিত হয় । অশোক ট্ৰেভেলছৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছখনৰ নম্বৰ হৈছে এনএল-০৭বি-০৭১৪ । ফাৰনাখেদি গাঁৱৰ ওচৰৰ ১৭ নং জৱাৰা ৰাজ্যিক ঘাইপথত তীব্ৰ গতিত গৈ থকা বাছখন ধাৰাসাৰ বৰষুণৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে । নিশা ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

আৰক্ষী, প্ৰশাসন আৰু গাঁওবাসীৰ সহায়ত পুৱা ২ বজাৰ ভিতৰত সকলো যাত্ৰীকে উদ্ধাৰ কৰা হয় । আনহাতে, সুৰক্ষিত যাত্ৰীসকলক পুৱা ৩ বজাত অশোক ট্ৰেভেলছৰ আন এখন বাছেৰে তেওঁলোকৰ গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হয় । আনহাতে, নিশা এএছপি নীতেশ ভাৰ্গৱ, এডিএম অনুকূল জৈনেও গৈ ঘটনাস্থলীত উপস্থিত হয় ।

লগতে পঢ়ক :Darshan express derailed : দাহোদৰত দুৰ্ঘটনাত পতিত দৰ্শন এক্সপ্ৰেছ

ABOUT THE AUTHOR

...view details