নেশ্যনেল ডেস্ক,১০ মাৰ্চ :মধ্যপ্ৰদেশত নিৰুদ্দিষ্ট এজনী বাঘিনীক লৈ হাহাকাৰ পৰিৱেশ । কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ পিতৃ স্বৰ্গীয় মহাৰাজা মাধৱৰাও সিন্ধিয়াৰ জন্মজয়ন্তী উপলক্ষে বাঘিনীজনী মধ্য প্ৰদেশৰ শিৱপুৰীৰ মাধৱ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰাৰ কথা আছিল (Madhav National Park)। দুজনী বাঘিনী মুকলি কৰাৰ কথা আছিল যদিও এজনী বাঘিনী নিৰুদ্দেশ হোৱাৰ লগে লগে এতিয়া জ্যোতিৰাদিত্য সিন্ধিয়াৰ পিতৃৰ পৰিকল্পিত জন্মদিন উদযাপনৰ আশাত চেঁচা পানী পৰিছে (Maharaja Madhavrao Scindia birth anniversary)।
মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু সিন্ধিয়াই শুকুৰবাৰে দুজনী বাঘিনী আৰু এটা বাঘক এমএনপিত মুকলি কৰিবলৈ সাজু হৈছিল । বাঘটো যোৱা অক্টোবৰত মৌলানা আজাদ নেচনেল ইনষ্টিটিউট অৱ টেকন'লজীৰ (এমএএনআইটি) পৰা উদ্ধাৰ কৰা হৈছিল আৰু সাতপুৰা টাইগাৰ ৰিজাৰ্ভৰ পৰা অনা হৈছিল । দুয়োটা বাঘিনীক পান্না আৰু বধৱগড় ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ পৰা এমএনপিলৈ অনাৰ কথা আছে ।
অৱশ্যে শেষ মুহূৰ্তত পান্না টাইগাৰ ৰিজাৰ্ভ (পিটিআৰ)ৰ বাঘিনীজনী নিৰুদ্দেশ হৈ পৰে (Tigress missing in MP)। বিশেষ সূত্ৰই জনোৱা মতে পিটিআৰৰ বনকৰ্মী আৰু বিষয়াসকলে বাঘিনীটোৰ অৱস্থান উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
বন বিভাগৰ বিষয়াৰ মতে, পৰিকল্পনাৰ অংশ হিচাপে মতা বাঘটো আৰু এজনী বাঘিনী ইতিমধ্যে ট্ৰেংকুলাইজ কৰা হৈছিল । অনুষ্ঠানটোৰ দুদিন পূৰ্বে দ্বিতীয় বাঘিনীটো ট্ৰেংকুলাইজ কৰিব লাগিছিল । অৱশ্যে, ৮ মাৰ্চৰ বুধবাৰে যেতিয়া ট্ৰেংকুলাইজ কৰাৰ প্ৰস্তুতি চলোৱা হৈছিল তেতিয়াই বাঘিনীজনী নিৰুদ্দেশ হৈ পৰে ।