নেশ্যনেল ডেস্ক, 15 জানুৱাৰী :শনিবাৰে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা উপস্থিত হৈছিল পঞ্জাৱৰ জলন্ধৰত (Bharat Jodo Yatra in Punjab) ৷ এই যাত্ৰাত অংশগ্ৰহণ কৰিছিল জলন্ধৰৰ সাংসদ সন্তখ সিং চৌধুৰীয়ে ৷ কিন্তু পদযাত্ৰা কৰি থকাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লয় কংগ্ৰেছে নেতা তথা সাংসদ সন্তখ সিং চৌধুৰীয়ে (MP Santokh Singh Chaudhary died in Bharat jodo jatra)।
আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় জলন্ধৰ বিধায়ক তথা সাংসদ, বিধায়ক সন্তখ সিং চৌধুৰীৰ ৷ কংগ্ৰেছ সাংসদ তথা যুৱ নেতা ৰাহুল গান্ধীয়ে প্ৰাক্তন দলিত নেতাগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অন্ত্যেষ্টিক্ৰিয়াত কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকি সাংসদ সন্তখ সিং চৌধুৰীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনায় (Rahul Gandhi attends Congress MP Santokh Singh Chaudhary’s funeral)।
উল্লেখ্য যে, ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি থকাৰ সময়তে কংগ্ৰেছে নেতাগৰাকীৰ অকাল মৃত্যুৱে শোক সাগৰত পেলাইছিল কংগ্ৰেছ দলটোক ৷ পে্ৰয়াত সাংসদগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই শনিবাৰে ভাৰত জোড়ো যাত্ৰা স্থগিত ৰাখে দলটোৱে । দেওবাৰে বিয়লি জলন্ধাৰৰ খালছা কলেজ খেলপথাৰৰ পৰা পুনৰ ভাৰত জোড়ো যাত্ৰা আৰম্ভ হ’ব বুলি উল্লেখ কৰে দলটোৱে ।
পূৰ্বে দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাহুল গান্ধীৰ সংবাদমেল এতিয়া মঙলবাৰে হোছিয়াৰপুৰত অনুষ্ঠিত হ’ব । দলিত নেতা চৌধুৰী ৰাজনীতিবিদৰ পৰিয়ালৰ আছিল । তেওঁৰ পিতৃ মাষ্টৰ গুৰৱন্ত সিং আছিল এজন দলিত অধ্যৱসায়ী, শিক্ষাবিদ আৰু পঞ্জাৱৰ প্ৰাক্তন কৃষি মন্ত্ৰী (former Punjab agriculture minister) । প্ৰয়াত চৌধুৰীৰ জ্যেষ্ঠ ভাতৃ চৌধুৰী জগজিৎ সিং আছিল স্থানীয় সংস্থা মন্ত্ৰী ।
তদুপৰি চৌধুৰীৰ পুত্ৰ বিক্ৰমজিৎ সিং ফিলাউৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ( Phillaur assembly seat) । ২০১৪ আৰু ২০১৯ চনত লোকসভালৈ নিৰ্বাচিত হোৱা চৌধুৰীয়ে দুবাৰকৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷ ১৯৯২ আৰু ২০০২ চনত প্ৰয়াত চৌধুৰীয়ে বিধায়ক নিৰ্বাচিত হয় ।কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰিছিল সন্তখ সিং চৌধুৰীয়ে ।
তেওঁৰ জন্ম গাঁও জলন্ধাৰ জিলাৰ কৰতাৰপুৰৰ সমীপৰ ধলিৱাল । উল্লেখ্য যে বিধায়ক সন্তখ সিং চৌধুৰীৰ মৃত্যুৰ খবৰে শোক বিহ্বল কৰি তুলিছে দলৰ ভিতৰে-বাহিৰে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে, লোকসভাৰ অধ্যক্ষ ওম বিৰলা ,কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেৰ লগতে বহু ৰাজনৈতিক নেতাই টুইটাৰ যোগে শোক প্ৰকাশ কৰে ৷
লগতে পঢ়ক :PM Modi greets people: মাঘ বিহু উপলক্ষ্যে অসমবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা বাৰ্তা