নিউজ ডেস্ক, ৯ নৱেম্বৰ : মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাহুল গান্ধীয়ে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে । তেওঁ বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ অশোকনগৰ জিলাৰ নতুন সৰায়ত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে । উক্ত সভাত তেওঁ কয়, যেতিয়া আপোনালোকে সংবাদ মাধ্যমত দৃষ্টি দিব দেখিব যে দেশত কেৱল ঘৃণাৰ বাতাৱৰণ । কিন্তু যেতিয়া তেওঁ 'ভাৰত জোড়ো যাত্ৰা' যাত্ৰা কৰিছিল তেতিয়া কেৱল প্ৰেম দেখা পাইছিল বুলি উল্লেখ কৰে । সেইকাৰণে তেওঁ কেছিল, "মই ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলি আছোঁ ।"
আনহাতে, মধ্যপ্ৰদেশত শিক্ষিত যুৱক-যুৱতী নিবনুৱা হৈ বহি আছে বুলিও তেওঁ দাবী কৰে । তেওঁ কয়, "মই ৪,০০০ কিলোমিটাৰ ভ্ৰমণ কৰিছোঁ । এই যাত্ৰাৰ সময়ত মই মধ্যপ্ৰদেশৰ মাজেৰেও পাৰ হৈ গৈছোঁ । মই দেশখনক অতি নিবিড়ভাৱে প্ৰত্যক্ষ কৰিছোঁ । সেই সময়ছোৱাত মই হাজাৰ হাজাৰ যুৱক-যুৱতীৰ সৈতে বাৰ্তালাপ কৰোঁ । তাৰে কিছুমানে চিকিৎসক, কিছুমান অভিযন্তা আৰু কিছুমান উকীল হ'ব বিচাৰিছে । কিন্তু অন্তিম প্ৰশ্নটো হৈছে, উচ্চ শিক্ষা গ্ৰহণৰ পিছতো বেছিভাগেই নিবনুৱা হৈ আছে ।"
ৰাহুল গান্ধীৰ দাবী যে মধ্যপ্ৰদেশত কংগ্ৰেছ দল বিজয়ী হ'বলৈ গৈ আছে । তেওঁ কয়, "যোৱাবাৰো মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে কৃষকৰ ঋণ মাফ কৰা হ'ব । প্ৰথম কেবিনেট বৈঠকতে সেই ঋণ মাফ কৰা হৈছিল । কিয়নো মই মিছা নকওঁ, মই যি কওঁ সেয়া কৰোঁ । একেদৰে মই মোৰ মন স্থিৰ কৰিছোঁ- মধ্যপ্ৰদেশ আৰু দেশত জাতিগত লোকপিয়ল অনুষ্ঠিত কৰা হ'ব ।"