নেশ্যনেল ডেস্ক, 15 এপ্ৰিল :মধ্য প্ৰদেশৰ শিৱপুৰী জিলা চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী ক'ৰণা ৰোগীৰ মৃত্যুৰ পাচতে পৰিস্থিতি উত্তপ্ত হৈ পৰে জিলা চিকিৎসালয়খনৰ ৷ ৰোগী গৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি COVID ৱাৰ্ডত চিকিৎসা কৰ্মীয়ে অক্সিজেন মাস্ক আঁতৰাই দিয়াৰ ফলতে ৰোগী গৰাকীৰ মৃত্যু হয় ৷ সুৰেন্দ্ৰ শৰ্মা নামৰ শিক্ষক গৰাকীৰ মৃত্যু স্বাভাৱিক বুলি চিকিৎসালয় কৰ্তৃপক্ষই সদৰি কৰিছে যদিও পৰিয়ালৰ লোকে নামি লোৱা নাই ৷ চিকিৎসালয়খনৰ অধীক্ষক ডাঃ কেবি বাৰ্মাই ৰোগী গৰাকীৰ পৰা অক্সিজেন মাস্ক আঁতৰোৱা হোৱা নাছিল বুলি উল্লেখ কৰাৰ পাচতে পৰিয়ালৰ লোকে চিচি টিভি ফুটেজ নিৰীক্ষণ কৰিব বুলি উল্লেখ কৰে ৷
ইফালে চিচি টিভি ফুটেজত স্পষ্ট ভাৱে চিকিৎসা কৰ্মীয়ে অক্সিজেন আঁতৰোৱা দেখাৰ লগে লগে চিকিৎসালয় প্ৰশাসনে স্থিতি সলনি কৰি কয় যে, ৰোগী গৰাকীক অক্সিজেনৰ প্ৰয়োজন নাছিল ৷ সেয়েহে নাৰ্চৰ নিৰ্দেশত ৱাৰ্ড বয় জনে আন এজন ৰোগীৰ বাবে অক্সিজেন মাস্কখন খুলি দিছিল ৷ চিকিৎসালয় খনৰ কৰ্তৃপক্ষৰ দুটা স্থিতিয়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত ৷ লগতে ৰোগী গৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত তদন্তৰ দাবী জনায় ৷