অসম

assam

ETV Bharat / bharat

মধ্য প্ৰদেশৰ পান্নাত ১৪.৯ কেৰেট হীৰা উদ্ধাৰ - ৭০ লাখ টকা মূল্যৰ ৩ টুকুৰা হীৰা

মধ্য প্ৰদেশৰ পান্না জিলাৰ কৃষ্ণ কল্যাণ বেল্টৰ এটা হীৰা খনিৰ পৰা ১৪.৯ কেৰেট হীৰা উদ্ধাৰ । হীৰা খনিত কৰ্মৰত এগৰাকী দৰিদ্ৰ শ্ৰমিকে ৭০ লাখ টকা মূল্যৰ ৩ টুকুৰা হীৰা উদ্ধাৰ কৰে ।

মধ্য প্ৰদেশত এটা হীৰা খনিৰ পৰা ৭০ লাখ টকা মূল্যৰ ১৪.৯ কেৰেট হীৰা উদ্ধাৰ
মধ্য প্ৰদেশত এটা হীৰা খনিৰ পৰা ৭০ লাখ টকা মূল্যৰ ১৪.৯ কেৰেট হীৰা উদ্ধাৰ

By

Published : Feb 24, 2021, 9:36 PM IST

নেশ্যনেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী: মধ্য প্ৰদেশৰ পান্না জিলাত ৰামকৃষ্ণ বিশ্বকৰ্মা নামৰ এগৰাকী দৰিদ্ৰ শ্ৰমিকে উদ্ধাৰ কৰিলে ৭০ লাখ টকা মূল্যৰ হীৰা । পান্না জিলাৰ কৃষ্ণ কল্যাণ বেল্টৰ এটা হীৰা খনিৰ পৰা ১৪.৯ কেৰেট হীৰা উদ্ধাৰ হয় । জিলাখনৰ এনএমডিচি কলনীৰ বাসিন্দা ৰামকৃষ্ণই তিনিগৰাকী সহকৰ্মীৰ সৈতে লগ হৈ হীৰাৰ কাৰ্যালয়ৰ পৰা লিজত লোৱা ভূমিত এই হীৰাৰ খনিটো আৰম্ভ কৰিছিল । যোৱা তিনিটা দিনত ৩ টুকুৰা হীৰা উদ্ধাৰ হৈছে খনিটোত ।

সোমবাৰে এগৰাকী শ্ৰমিকে একেলগে দুটুকুৰা হীৰা উদ্ধাৰ কৰিছিল । আটাইকেইটুকুৰা হীৰা বৰ্তমান হীৰা কাৰ্যালয়ক হস্তান্তৰ কৰা হৈছে । অহা মাহত তেওঁলোকে এই হীৰাখিনি নিলামৰ ব্যৱস্থা কৰিব । এগৰাকী বিষয়াই জনোৱা মতে, হীৰা নিলামৰ পৰা লাভ কৰা ধনৰাশিৰ প্ৰায় ১১ শতাংশ ৰয়েলিটি হিচাপে ৰখা হ'ব আৰু বাকীখিনি শ্ৰমিকৰ হাতত অৰ্পণ কৰা হ'ব ।

বিষয়াগৰাকীয়ে আন শ্ৰমিকসকলকো জিলাখনত হীৰাৰ খনি স্তাপন কৰিবলৈ আহ্বান জনায় । আনহাতে, হীৰা উদ্ধাৰ হোৱাক লৈ আনন্দিত হৈ পৰিছে ৰামকৃষ্ণ বিশ্বকৰ্মা নামৰ শ্ৰমিকজন ।

লগতে পঢ়ক:বাংগালুৰুৰ বিমানবন্দৰত স্থাপন অচল বিমান পুনৰুদ্ধাৰ কিট

ABOUT THE AUTHOR

...view details