নেশ্য়নেল ডেস্ক, ২৪ ডিচেম্বৰ:মধ্য প্ৰদেশৰ দামোহ জিলাত এজন আৰক্ষীক নৃশংসভাৱে হত্যা কৰাৰ এক হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে (MP Mob lynching Policeman) । এই ঘটনাটো পোহৰলৈ অহাৰ পিছতেই অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে । উক্ত ঘটনাটোত আন এজন আৰক্ষীও আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । য'ত তেওঁৰ চিকিৎসা অব্যাহত আছে (MP policeman murder in Damoh)।
ঘটনাৰ বিৱৰণী অনুসৰি,দামোহ চহৰৰ বুচাৰ মাণ্ডি অঞ্চলত নিৰ্মিত আৰক্ষী চকী এছএএফ কৰ্মীসকল নিয়োজিত হৈ আছে (Policeman Murder In Damoh)। এই জোৱানসকলে শুক্ৰবাৰে নিশা ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ অহাৰ সময়তে কিছুমান লোকে চকীৰ বাহিৰত চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰে (miscreants killed jawan by stones pelting )। সেই সময়তে কৰ্তব্যৰত জোৱান সুৰেন্দ্ৰ সিং ওলাই আহি লোকসকলক চিঞৰ-বাখৰ বন্ধ কৰিবলৈ কোৱাত আৰক্ষীক দলটোৱে উভতি ধৰে । লোকসকলে জোৱানজনৰ সৈতে তৰ্ক কৰিবলৈ আৰম্ভ কৰাৰ সময়তে একাংশই শিলেৰে আক্ৰমণ কৰে । এই আক্ৰমণৰ ফলত সুৰেন্দ্ৰ সিঙ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
পিছত স্থানীয় লোকে জোৱানজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে (Damoh miscreants killed jawan by stones peltin)। বৰ্তমান সৃষ্টি হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । ইপিনে,আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।