নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল: মহামাৰী কৰ'ণাৰ দ্বিতীয় ঢৌত সৰ্বস্বান্ত দেশ । চৌদিশে হাহাকাৰময় পৰিৱেশ । কোনো কোনো ঠাইত হাস্পাতালত বিচনাৰ অভাৱ, অক্সিজেনৰ অভাৱ, আনকি চিতা জ্বলিবলৈও ঠাইৰ অভাৱ হোৱা দেখা গৈছে । কৰ'ণাৰ দ্বিতীয় ঢৌত বাৰুকৈয়ে অক্সিজেনৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে । হাজাৰ হাজাৰ কৰ'ণা ৰোগী অক্সিজেনৰ অভাৱত প্ৰাণ হেৰুৱাবলগীয়া হৈছে । অৱশেষত হাজাৰ হাজাৰ ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে ভাৰতীয় বায়ু সেনা ।
ভাৰতীয় বায়ু সেনাই মধ্য প্ৰদেশত অক্সিজেনৰ অভাৱত হাহাকাৰ কৰি ফুৰা হাজাৰ হাজাৰ ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে । শুকুৰবাৰে ভাৰতীয় বায়ু সেনাৰ চি-১৭ এখন বিমানে ইন্দোৰৰ পৰা গুজৰাটৰ জামনগৰলৈ অক্সিজেন যোগান ধৰিবলৈ খালী অক্সিজেন টেংকাৰ কঢ়িয়াই লৈ যায় । এয়া প্ৰথমবাৰৰ বাবে ভাৰতীয় বায়ু সেনাই এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে । টেংকাৰখনত ৩০ মেট্ৰিক টন অক্সিজেন ভৰ্তি কৰাৰ পাচত পুনৰ ইন্দোৰলৈ বায়ু সেনাৰ চি-১৭ এখন বিমানখন ঘূৰি আহিব ।
এই অভিযানটোৰ তদাৰকী জিলা বিষয়া ৰোহন চেক্সেনাই কয় যে এখন অক্সিজেন টেংকাৰ জামনগৰৰ পৰা ইন্দোৰলৈ যাবৰ বাবে ২০ ঘণ্টা সময় লাগে । আনহাতে ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানখনে এঘণ্টাৰ ভিতৰত লক্ষ্যস্থানত উপস্থিত হ'ব । এই সমগ্ৰ প্ৰক্ৰিয়াটোত ১২ ঘণ্টালৈকে ৰাহি হ'ব বুলিও কয় বিষয়াগৰাকীয়ে ।