নিউজ ডেস্ক, ৭ জুলাই : মা কালীৰ পোষ্টাৰ বিতৰ্কৰ পিছত এইবাৰ শিৱ-পাৰ্বতীৰ পোষ্টাৰক লৈ বিতৰ্ক আৰম্ভ । উল্লেখ্য, চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাই এখন পোষ্টাৰত দেৱী কালীয়ে বিড়ি হুপি থকা দেখুওৱা হৈছিল (controversy for poster of Goddess Kali smoking beedi) । তাৰ পিছতেই উক্ত পোষ্টাৰখনক লৈ সৃষ্টি হয় তুমুল বিতৰ্কৰ । এইবাৰ সেই বিতৰ্ক মাৰ নৌযাওঁতেই আন এটা বিতৰ্কিত টুইট পোষ্ট কৰিছে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে (Filmmaker Leena Manimekalai posted another controversial tweet) ।
তেওঁৰ নতুন টুইটটোত শিৱ আৰু পাৰ্বতীয়ে চিগাৰেট সেৱন কৰা এখন পোষ্টাৰ আছে (poster of Shiva and Parvati smoking cigarettes) । এই টুইটটো প্ৰসংগত সম্প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰীয়ে । মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰই এই বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰিছে (Madhya Pradesh Home Minister Narottam Mishra expressed displeasure) ।
গৃহমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক লুকআউট জাননী জাৰি কৰিবলৈ দাবী কৰিব (Home Minister demanded lookout notice) । ৰাজ্য চৰকাৰৰ মুখপাত্ৰ নৰোত্তম মিশ্ৰই কয়, "মই এই বিষয়ত টুইটাৰলৈ এখন পত্ৰ (letter to Twitter) লিখিবলৈ গৈ আছোঁ । মন্ত্ৰীজনে কয় যে তেওঁ মণিমেকলাইৰ বিৰুদ্ধে লুকআউট চাৰ্কুলাৰ জাৰি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈও লিখিব ।