নেশ্যনেল ডেস্ক,২০ ছেপ্টেম্বৰ :দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ জালত মধ্যপ্ৰদেশৰ প্ৰাক্তন বিধায়ক কিশোৰ সম্ৰিটে (Delhi police arrested Kishor Samrite)। কোলাৰৰ পেলেচ আৰ্চড কলনীত থকা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সমাজবাদী পাৰ্টিৰ প্ৰাক্তন বিধায়কগৰাকীক । আৰক্ষীয়ে প্ৰাক্তন বিধায়কগৰাকীক ভূপালত গ্ৰেপ্তাৰ কৰি দিল্লীলৈ লৈ যায় ।
সম্ৰিটেয়ে ভাবুকি দিছিল যদি তেওঁৰ ৭০ টা দাবী ৩০ ছেপ্টেম্বৰৰ পূৰ্বে পূৰণ কৰা নহয় তেন্তে নতুন সংসদ ভৱনটো তেওঁ ধ্বংস কৰি দিব (Allegation against Kishor Samrite)। প্ৰাক্তন বিধায়কজনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰো অভিযোগ আছে ।
মধ্য প্ৰদেশৰ বালাঘাটৰ লাজীৰ পৰা প্ৰাক্তন বিধায়কজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে আদালতত হাজিৰ কৰোৱা হৈছিল । অধিক তদন্ত আৰু জেৰাৰ বাবে বিধায়কজনক অপৰাধ শাখাই ট্ৰেঞ্জিট ৰিমাণ্ডত বিচাৰিছিল । ভূপাল আদালতে আৰক্ষীৰ আবেদন ৰক্ষা কৰি ৱাৰেণ্ট জাৰি কৰে আৰু পাছত দলটো সম্ৰিটেৰ সৈতে দিল্লীলৈ ৰাওনা হয় (Former MLA Kishor Samrite arrested in Bhopal)।