নেশ্যনেল ডেস্ক, ১৫ ডিচেম্বৰ :হেক হৈছে মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ ফেচবুক একাউণ্ট ৷ কেৱল এয়াই নহয়, কমল নাথৰ ফেচবুক একাউণ্টৰ পৰা হেকাৰে বহু ভিডিঅ’ শ্বেয়াৰ কৰিছে । বৰ্তমান কংগ্ৰেছে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এই বিষয়টোৰ পিচতে কংগ্ৰেছ কৰ্মীৰ মাজত এক আলোড়নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।
কংগ্ৰেছে উল্লেখ কৰা মতে, বৃহস্পতিবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথৰ ফেচবুক একাউণ্ট হেক কৰা হৈছে । তাৰ পাচত তেওঁৰ একাউণ্টৰ জৰিয়তে হেকাৰে অপ্রাসংগিক কন্টেন্ট পোষ্ট কৰিছে ৷ বাতৰি যুগুত কৰা পৰলৈকে একাউণ্টটো উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে ।
কমল নাথৰ ফেচবুক একাউণ্ট হেক :
২০২৩ চনৰ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিচত দলটোৰ মাজত পৰ্যালোচনা বৈঠক চলি আছে । শেহতীয়াকৈ কমল নাথে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী মোহন যাদৱক অভিনন্দনো জ্ঞাপন কৰে ৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে এক অন্য ঘটনা ৷ তথ্য অনুসৰি, হেকাৰৰ কৱলত পৰিছে কমল নাথৰ ফেচবুক একাউণ্ট । অৱশ্যে হেকাৰৰ কৱলৰ পৰা একাউণ্টটো উদ্ধাৰৰ বাবে কংগ্ৰেছে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
হেক হোৱাৰ পূৰ্বে কমল নাথে পোষ্ট কৰিছিল :