নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ:মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত এক অঘটন ৷ হাবিলদাৰৰ ৰূপ লৈ এজন লোকে ইন্দোৰৰ এজন ৭০ বছৰীয়া চিকিৎসকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে (Duped allegedly by man posing as military havildar) ৷
শনিবাৰে তিলকনগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত মঞ্জু যাদৱে জনোৱা মতে, চিকিৎসক ৰাজকুমাৰ মাথুৰক জম্মু-কাশ্মীৰত নিয়োজিত সেনাৰ হাবিলদাৰ বুলি পৰিচয় দি এজন লোকে ফোনকল কৰে ৷
হাবিলদাৰৰূপী লোকজনে তেওঁৰ সৰু ভাতৃৰ বৃক্কত পাথৰ হোৱা বুলি কৈ অস্ত্ৰোপচাৰ (Surgery for kidney stones) কৰিবলৈ 93 হাজাৰ টকাৰ প্ৰয়োজন বুলি চিকিৎসক ৰাজকুমাৰ মাথুৰক ফোনযোগে জানিবলৈ দিয়ে ৷ সেই অনুসৰি চিকিৎসক ৰাজকুমাৰ মাথুৰৰ একাউন্টৰ পৰা বিচৰা ধনৰাশি অনলাইনযোগে হৰলুকি কৰে প্ৰৱঞ্চকটোৱে ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত (Indian Penal Code and Information Technology Act) গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে কৰি আছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, সম্প্ৰতি এনেধৰণৰ ঘটনা প্ৰায়েই ঘটিবলৈ লৈছে ৷ এই ক্ষেত্ৰত প্ৰশাসনে যথেষ্ট কঠোৰ ভূমিকা গ্ৰহণ কৰিছে যদিও অব্যাহত আছে প্ৰৱঞ্চনা ৷
লগতে পঢ়ক:ডাৱৰ বিস্ফোৰণত মহিলাৰ মৃত্যু, খহি পৰিল 30 টাকৈ বাসগৃহ