নেশ্যনেল ডেস্ক, 4 মে’: খাৰগোন প্ৰশাসনে আংশিকভাৱে শিথিল কৰিছে সান্ধ্য আইন(Curfew relaxed in Khargone) ৷ বুধবাৰে 11 ঘণ্টাৰ বাবে শিথিল কৰিছে এই সান্ধ্য আইন ৷ বিগত 10 এপ্ৰিলত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত মধ্য প্ৰদেশত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত প্ৰথমবাৰৰ বাবে পেট্ৰ'ল পাম্পসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে(Petrol pumps allowed to open in Khargone) ৷ এই বিষয়ে সংবাদ মাধ্য়মৰ আগত সদৰি কৰিছে ৰাজ্য চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়াই ৷
ইয়াৰ পূৰ্বে মঙলবাৰে 24 ঘণ্টীয়া সান্ধ্য আইন অব্যাহত আছিল ৰাজ্যখনত ৷ যাৰ বাবে প্ৰশাসনে স্থানীয় লোকসকলক ঘৰতে থাকি ঈদ-উল-ফিতৰ আৰু অক্ষয় তৃতীয়া উদযাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ অৱশ্যে প্ৰশাসনে বুধবাৰে পুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজালৈ সান্ধ্য আইন শিথিল কৰাৰ সিদ্ধান্ত লয় ।
এই সময়চোৱাত খুলিব পাৰিব পেট্ৰ’ল পাম্প ৷ বিপৰীতে বন্ধ থাকিব ধৰ্মীয় স্থানসমূহ ৷ খাৰগোনৰ উপ-বিভাগীয় দণ্ডাধীশ মিলিন্দ ধোকে মঙলবাৰে নিশা সান্ধ্য আইন শিথিলকৰণৰ সন্দৰ্ভত এইদৰে জনায় সাংবাদিকক ৷ ইফালে যাত্ৰীবাহী বাছসমূহ চলাচল কৰাৰ ক্ষেত্ৰতো শিথিল কৰা হৈছে নিৰ্দেশনা ৷