অসম

assam

ETV Bharat / bharat

Shristi Rescue operation: 55 ঘণ্টাৰ উদ্ধাৰ অভিযানৰ অন্তত মৃত অৱস্থাত উদ্ধাৰ সৃষ্টিক - rescue operation of girl child from borewell

55 ঘণ্টাৰ উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ আঢ়ৈ বছৰীয়া সৃষ্টি কুশৱাহাক (Shristi rescued after 55 hours) ৷ উদ্ধাৰৰ পিচত ততাতৈয়াকৈ চেহোৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে (rescue operation of girl child from borewell) ।

SHRISTI RESCUED AFTER 55 HOURS OF RESCUE OPERATION
55 ঘণ্টাৰ উদ্ধাৰ অভিযানৰ অন্তত মৃত অৱস্থাত উদ্ধাৰ সৃষ্টিক

By

Published : Jun 8, 2023, 8:07 PM IST

নিউজ ডেস্ক, 8 জুন: অৱশেষত বৃহস্পতিবাৰে 55 ঘণ্টাৰ উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ কৰা হ’ল সৃষ্টিক (MP Rescue operation)৷ আঢ়ৈ বছৰীয়া সৃষ্টি কুশৱাহাক উদ্ধাৰৰ পিচত ততাতৈয়াকৈ চেহোৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। শিশুটিক ৰবটিক আৰ্মছৰ হুকৰ জৰিয়তে গাঁতটোৰ পৰা উলিয়াই অনা হৈছিল (Shristi rescued after 55 hours)। উদ্ধাৰস্থলীত প্ৰশাসনিক কৰ্মচাৰীৰ লগতে চিকিৎসকৰ এটা দলো উপস্থিত আছিল।

উল্লেখ্যে যে, মঙলবাৰে দুপৰীয়া প্ৰায় ২ বজাত মাণ্ডি আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত মুংগাৱলি গাঁৱত খেলি থাকোঁতে আঢ়ৈ বছৰীয়া সৃষ্টি কুশৱাহা এখন পথাৰৰ ভিতৰত এটা ব'ৰৱেলত বাগৰি পৰে (Madhya Pradesh tragic incident) । প্ৰথমতে শিশুটি গাঁতৰ বেছি তললৈ নামি যোৱা নাছিল যদিও পৰৱৰ্তী সময়লৈ প্ৰায় ১০০ ফুট ভিতৰলৈ পিছলি গৈছিল শিশুটি (Body rescued decomposed state)। পৰৱৰ্তী সময়ত শিশুটি ৩০০ ফুট গভীৰ গাঁতত আৱদ্ধ হৈ গৈছিল ৷ ইয়াৰ পিচতে সেনাৰ দলসহ এনডিআৰএফ আৰু এছডিআৰএফৰ এটা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল (rescue operation of girl child from borewell) ।

চেহোৰৰ এগৰাকী বিষয়াই কোৱা অনুসৰি, "আমাৰ সৰ্বতো প্ৰকাৰে চেষ্টা কৰাৰ পিচতো শিশুটোক বচাবলৈ নোৱাৰিলো ৷ চিকিৎসকৰ এটা দলৰ মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছিল যে মৃতদেহটো প্ৰায় পচি যোৱা অৱস্থাত আছিল। শ্বাসৰুদ্ধ হৈ মৃত্যুৰ মুখত পৰিছিল শিশুটো (Rescue from Bopwell with Roboti Arms) ৷"

এই সমগ্ৰ উদ্ধাৰ অভিযানত বাৰটা শক্তিশালী যন্ত্ৰৰ লগতে পকলাইন যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল ৷ তাৰ পিচতো শিশুটিক উদ্ধাৰ কৰিব নোৱাৰাত বৃহস্পতিবাৰে ৰাতিপুৱা ৰবটিক বিশেষজ্ঞৰ এটা দলে উদ্ধাৰ অভিযানত যোগদান কৰিছিল। বিষয়াসকলে কোৱা অনুসৰি শিশুটোৰ অৱস্থাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ ব’ৰৱেলত এটা ৰবট মোতায়েন কৰা হৈছিল।

প্ৰথম অৱস্থাত শিশুটি প্ৰায় ৫০ ফুট তলত আৱদ্ধ হৈ আছিল। এই সময়ছোৱাত, পাইপৰ জৰিয়তে শিশুটিয়ে উশাহ ল’ব পৰাকৈ অক্সিজেন প্ৰেৰণ কৰা হৈছিল। প্ৰশাসনে ব’ৰৱেলৰ কাষেৰে জেচিবিৰ জৰিয়তে খনন কাৰ্য চলাইছিল। য'ৰ পৰা এটা সুৰংগ তৈয়াৰ কৰি শিশুটিক উদ্ধাৰ কৰিবলৈ যাব পৰাকৈ পথ নিৰ্মাণ কৰা হৈছিল ৷ এই উদ্ধাৰ অভিযানৰ বাবে দিল্লী আৰু ৰাজস্থানৰ পৰা বিশেষ দল মাতি অনা হৈছিল।

স্মৰ্তব্য যে, পৰিত্যক্ত ব’ৰৱেলত শিশুৰ সৈতে হোৱা মাৰাত্মক দুৰ্ঘটনাৰ ঘটনা প্ৰতিহত কৰিবলৈ উচ্চতম ন্যায়ালয়ে 2009 চনত এক নিৰ্দেশনা জাৰি কৰিছিল। আদালতে 2010 চনত এই নিৰ্দেশনা সংশোধন কৰি ব’ৰৱেল নিৰ্মাণৰ সময়ত কাঁইটীয়া তাঁৰৰ বেৰ লগোৱা, কুঁৱাৰ এছেম্বলীৰ ওপৰত বোল্টৰ সৈতে সুৰক্ষিত ষ্টীল প্লেট কভাৰ ব্যৱহাৰ কৰা আৰু লগতে ব’ৰৱেলবোৰ পুনৰ পুতি দিয়া ৷

লগতে পঢ়ক:Girl Child Fell in Borewell : ৩০০ ফুট গভীৰ গাঁতত সোমাল আঢ়ৈ বছৰীয়া, উদ্ধাৰ অভিযানত সেনা

ABOUT THE AUTHOR

...view details