নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিল:গেংষ্টাৰ তথা ৰাজনৈতিক নেতা আতিক আহমেদ আৰু ভাতৃ আশ্ৰফৰ মৃত্যু সন্দৰ্ভত বহুজন সমাজ পাৰ্টিৰ সাংসদ আফজল আনছাৰীয়ে মন্তব্য় আগবঢ়াইছে (Statement of BSP MP Afzal Ansari)। তেওঁ মঙলবাৰে মাফিয়া আতিক আৰু আশ্ৰাফৰ হত্যাকাণ্ডটোক ষড়যন্ত্ৰ বুলি উল্লেখ কৰি কয় যে ইয়াৰ চিত্ৰনাট্য ইতিমধ্যে সাজু আছিল । বন্দী কৰা শ্বুটাৰসকল কেৱল এই ষড়যন্ত্ৰৰ অংশ । মুখতাৰ আনছাৰী আতিকৰ পিচত এক নম্বৰ নেকি বুলি সোধাত তেওঁ কয়, "যিজনে হত্যাকাৰীক সুৰক্ষা দিয়ে তেওঁ হত্যাকাৰীতকৈও ওপৰত (Afzal Ansari statement on Mukhtar Ansari)। "
২৯ এপ্ৰিলত গাজীপুৰৰ এমপি-এমএলএ আদালতত গেংষ্টাৰ গোচৰৰ সিদ্ধান্ত সন্দৰ্ভত তেওঁ কয় যে, এইটো তেওঁৰ ওপৰত পৰিকল্পিতভাৱে জাপি দিয়া হৈছে । এইটো ভিত্তিহীন বুলি মন্তব্য় কৰি তেওঁ কয় যে, গোচৰটোৰ বিচাৰ আদালতত চলি আছে (Ghazipur MP Afzal Ansari)। তেওঁৰ দেশৰ ন্যায়িক ব্যৱস্থা আৰু সংবিধানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বুলি মন্তব্য় কৰে । সমাজ পাৰ্টিৰ সাংসদ আফজল আনছাৰীয়ে কয় যে, দেশৰ আদালতৰ ওপৰত তেওঁৰ বিশ্বাস আছে । তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে । তেওঁ স্পষ্টকৈ কয় যে, ২৯ এপ্ৰিলত যি সিদ্ধান্ত দিয়া হ'ব তাৰ বাবে তেওঁ সাজু ।
ইপিনে, তেওঁ আতিক আহমেদ আৰু আশ্ৰাফৰ হত্যা সন্দৰ্ভত কয়, "এয়া এক ষড়যন্ত্ৰ (atiq and ashraf murder case)। আমি পুৱা সাৰ পাও আৰু ওঁম জপ কৰো, তাৰ পিছত বহুতো কাম আছে ।" সাংসদজনে সংবাদ মাধ্যমৰ ভূমিকাকো প্ৰশ্ন কৰে । তেওঁ কয় যে, আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফৰ গুলীচালনাত জড়িত হত্যাকাৰী ৩ নহয়, ৫ জন আছিল (MP Afzal Ansari on Atiq and Ashraf murder)। দুয়োজনৰ কোনো ফটো সংবাদ মাধ্যমত প্ৰকাশ হোৱা নাই ।