নিউজ ডেস্ক, ২৯ এপ্ৰিল :পৰিপূৰক অক্সিজেন অবিহনেই মাউণ্ট অন্নপূৰ্ণা আৰোহণ কৰা প্ৰখ্যাত পৰ্বতাৰোহী বলজিৎ কৌৰ শনিবাৰে তেওঁৰ গৃহ জিলা হিমাচল প্ৰদেশৰ চোলানত উপস্থিত হয় (Baljeet Kaur returned to Solan) । নিজগৃহত উপস্থিত হোৱাৰ পিছত তেওঁক বিপুল আদৰণি জনোৱা হয় (Baljeet Kaur scaled Mt Annapurna) ।
আনহাতে, সাংবাদিকসকলক সম্বোধন কৰি বলজিতে কয় যে, তেওঁ হৈছে পৰ্বতৰ জীয়ৰী । সেয়ে তেওঁ বেছি দিন পৰ্বতৰ পৰা আঁতৰি থাকিব নোৱাৰে । তেওঁ লগতে কয় যে, তেওঁ বৰ্তমান পিতৃ-মাতৃৰ সৈতে তিনি-চাৰি মাহ কটাব বিচাৰে । কিয়নো প্ৰায় ছয়ৰ পৰা সাত বছৰ হ'ল তেওঁ পিতৃ-মাতৃৰ সৈতে সময় কটাব পৰা নাই ।
উল্লেখ্য যে, বলজিতক ১৮ এপ্ৰিলত সন্ধানহীন বুলি ঘোষণা কৰা হৈছিল (Baljeet Kaur declared missing) । তাৰে কেইঘণ্টামান পিছত তেওঁক উদ্ধাৰ কৰা হয় আৰু চিকিৎসাৰ বাবে কাঠমাণ্ডুৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বিশ্বৰ দশম সৰ্বোচ্চ শৃংগৰ পৰা নামি অহা অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰি বলজিতে কয় যে, যদি তেওঁক এজন অভিজ্ঞ শ্বেৰ্পা দিয়া হ'লহেঁতেন তেন্তে এই দুঃসাহসিক ঘটনাটো সংঘটিত নহ'লহেঁতেন ।
তেওঁ দাবী কৰে যে, তেওঁক প্ৰথমতে এজন অভিজ্ঞ শ্বেৰ্পা দিয়া হৈছিল । কিন্তু সেই শ্বেৰ্পাজনে তেওঁক মাজভাগতে সংগ এৰি দিয়ে । তাৰ পিছত আন এজন অভিজ্ঞ শ্বেৰ্পা তেওঁৰ বাবে নিয়োগ কৰা হৈছিল যদিও তেৱোঁ কেৱল এজন কুলি তেওঁৰ সৈতে যাবলৈ দি তেওঁক এৰি যায় । অৱশ্যে তেতিয়াও বলজিতে নিজৰ সাহস হেৰুওৱা নাছিল আৰু সকলো প্ৰত্যাহ্বান সাহসেৰে মোকাবিলা কৰি শৃংগটো আৰোহণ কৰে (Baljeet Kaur climbing Mt Annapurna peak) ।
বলজিতে ১৭ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত শৃংগটোত আৰোহণ কৰে । অৱশ্যে 36 ঘণ্টা খাদ্য, পানী আৰু অক্সিজেন অবিহনে থকা বাবে তেওঁৰ এই দুঃসাহসিক যাত্ৰাই তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছিল । তেওঁ কয় যে, তেওঁৰ ভ্ৰম হৈছিল আৰু পাহাৰৰ ওপৰত অসুস্থতা আৰম্ভ হৈছিল । কিন্তু তেওঁ ঘৰলৈ উভতি অহা যাত্ৰাত মনোনিবেশ কৰিছিল । কোনো শ্বেৰ্পাৰ সহায় অবিহনেই তেওঁ তললৈ নামিবলৈ আৰম্ভ কৰে । যেতিয়া তেওঁ বেছ কেম্প 4-ৰ ওচৰত কিছু পোহৰ দেখিছিল তেতিয়া কেম্পটোৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল । তাৰ পিচত তেওঁ উপগ্ৰহৰ জৰিয়তে জৰুৰীকালীন নম্বৰ ডায়েল কৰে । যাৰ ফলত তেওঁৰ বাবে এটা উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হয় ।
বলজিতে কয় যে, পৰিচালনা ব্যৱস্থাপনাই এই কথাত মনোযোগ দিয়া উচিত যাতে পৰ্বতাৰোহীসকলে ভৱিষ্যতে এনে দুৰ্ঘটনাৰ সন্মুখীন নহয় । "পৰ্বতে মোক খোজকাঢ়িবলৈ, পৰিবলৈ আৰু পৰাৰ পৰা পুনৰ উঠিবলৈ শিকাইছে । মই কেতিয়াও পৰ্বত এৰি থাকিব নোৱাৰোঁ ।" বলজিতে কয় । আনহাতে, চৰকাৰী চাকৰি লাভৰ বিষয়ে তেওঁ ৰাজ্য চৰকাৰৰ সৈতে কথা পাতিব নেকি বুলি সোধাত তেওঁ কয় যে তেওঁ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক লগ কৰিব আৰু তেওঁলোকক অনুৰোধ কৰিব যাতে তেওঁৰ দৰে মানুহে পৃথক পৰিচয় লাভ কৰিব পাৰে ।
লগতে পঢ়ক :Ramoji Rao assistance to Rupadevi : পেৰা-বেডমিণ্টন খেলুৱৈ ৰূপাদেৱীলৈ ৰামোজী ৰাওৰ আৰ্থিক সাহায্য