অসম

assam

By

Published : Nov 13, 2021, 6:06 PM IST

ETV Bharat / bharat

Tenzing Norgay award : পৰ্বতাৰোহী শীতল ৰাজলৈ টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা

পিতৃয়ে টেক্সি চলায় । সৰুৰে পৰাই সুউচ্চ পৰ্বত আৰোহণ কৰাৰ দুৰ্বাৰ হেঁপাহ কন্যাৰ । কম বয়সতে মাউণ্ট এভাৰেষ্ট(Mount Everest), কাঞ্চনজংঘা(Kangchenjunga)কে ধৰি পৃথিৱীৰ কেইবাটাও শৃংগ আৰোহণ কৰিছে এইগৰাকী পৰ্বতাৰোহীয়ে । সম্প্ৰতি "টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা"(Tenzing Norgay National Adventure Award) আগবঢ়োৱা হৈছে পৰ্বতাৰোহীগৰাকীলৈ । চলিত মাহতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে(President Ram Nath Kovind) ৰাষ্ট্ৰপতি ভৱনত তেওঁক এই বঁটা প্ৰদান কৰিব ।

Mountaineer Sheetal Raj to get Tenzing Norgay award
পৰ্বতাৰোহী শীতল ৰাজলৈ টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা

নেশ্যনেল ডেস্ক, ১৩ নৱেম্বৰ: সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট(Mount Everest) আৰোহণ কৰা আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী শীতল ৰাজ(Sheetal Raj)লৈ আগবঢ়োৱা হৈছে ২০২১ চনৰ "টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা"(Tenzing Norgay National Adventure Award) । ১৩ নৱেম্বৰত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে(President Ram Nath Kovind) শীতল ৰাজক এই বঁটা প্ৰদান কৰিব । পিথোৰাগড় জিলাৰ চালোদা গাঁৱৰ বাসিন্দা ২৫ বছৰীয়া শীতলে কুমাওঁ মণ্ডল বিকাশ নিগমৰ দুঃসাহসিক পৰ্যটন শাখাত কৰ্মৰত হৈ আছে । ২০১৮ চনত তেওঁ ৮,৫৮৬ মিটাৰ উচ্চতাৰ কাঞ্চনজংঘা শৃংগ আৰু ২০১৯ চনত মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল ।

২০২১ চনৰ ১৫ আগষ্টত শীতলে ইউৰোপৰ এলব্ৰাছ(Mount Elbrus) পৰ্বতৰ সৰ্বোচ্চ শৃংগত ভাৰতীয় পতাকা উত্তোলন কৰিছিল । শীতলে ত্ৰিশূল(Trishul)কে ধৰি আন কেইবাটাও শৃংগ সফলতাৰে আৰোহণ কৰিবলৈ সক্ষম হৈছে । ভাৰত চৰকাৰৰ এই সৰ্বোচ্চ দুঃসাহসিক বঁটা লাভ কৰা উত্তৰাখণ্ডৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হৈছে শীতল ৰাজ । ইয়াৰ পূৰ্বে, শীতলে উত্তৰাখণ্ড চৰকাৰৰ পৰা "তিলু ৰৌতেলী বঁটা" লাভ কৰিছিল ।

শীতলৰ পিতৃ উমা শংকৰ ৰাজ এগৰাকী টেক্সি চালক আৰু মাতৃ গৃহিণী । শীতলে সৰুৰে পৰা পৰ্বত বগাবলৈ ভাল পাইছিল ।

ক্ৰমান্বয়ে তেওঁ ওখ ওখ শৃংগ আৰোহণ কৰিবলৈ আৰম্ভ কৰে । উত্তৰাখণ্ডৰ পৰ্বতৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা শেষ হোৱা নাছিল । এটাৰ পাচত আনটো শৃংগ আৰোহণ কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল শীতলে ।

পৰ্বতাৰোহণেই লক্ষ্য হৈ পৰিছিল শীতলৰ বাবে । ২০১৯ চনত বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি সফলতা অৰ্জন কৰে শীতল ৰাজে । কুমাওঁ মণ্ডল বিকাশ নিগমৰ প্ৰৱন্ধক এ পি বাজপায়ীয়ে কয় যে, শীতল ৰাজে অৰ্জন কৰা কৃতিত্বই সমগ্ৰ উত্তৰাখণ্ডক গৌৰৱান্বিত কৰিছে আৰু লগতে বিভাগটোৱেও শীতলক লৈ গৌৰৱ অনুভৱ কৰিছে ।

লগতে পঢ়ক:Lakhimpur Kheri Violence: নতুনকৈ ৫খন ফটো ৰাজহুৱা কৰি জন সমৰ্থন বিচাৰিলে বিশেষ তদন্তকাৰী দলে

ABOUT THE AUTHOR

...view details