নিউজ ডেস্ক, 26 আগষ্ট : মাদাৰ টেৰেছা-সমৰ্পণ আৰু মানৱতাৰ অন্য এক নাম ৷ অগণন গৃহহীন আৰু দৰিদ্ৰ লোকৰ বাবে আশাৰ ৰেঙণি আছিল মাদাৰ টেৰেছা । মাদাৰ টেৰেছাৰ মানুৱতাৰ প্ৰতি থকা সমৰ্পণ, দয়া আৰু মৰমৰ কাহিনীয়ে আজিও হাজাৰ হাজাৰ লোকক অনুপ্ৰাণিত কৰি আহিছে ।
১৯১০ চনৰ ২৬ আগষ্টত অটোমান সাম্ৰাজ্যৰ স্কোপজেত জন্মগ্ৰহণ কৰিছিল মাদাৰ মেৰী টেৰেছা বোজাক্সিউ চমুকৈ মাদাৰ টেৰেজাই ৷ তেওঁ এগৰাকী আলবেনীয়-ভাৰতীয় ৰোমান কেথলিক সন্ন্যাসিনী আৰু মিছনেৰী হিচাপে কাম কৰিছিল । স্কোপজেত প্ৰায় 18 বছৰ বসবাস কৰাৰ পিছত তেওঁ প্ৰথমে ইউৰোপীয় দেশ আয়াৰলেণ্ড আৰু পিছত ভাৰতলৈ আহে ৷ ভাৰততেই তেওঁ জীৱনৰ বেছিভাগ আৰু অন্তিম সময় অতিবাহিত কৰে ।
মাদাৰ টেৰেছাই প্ৰয়োজনীয় লোকক সহায় আগবঢ়োৱাৰ বাবে গোটেই জীৱন অতিবাহিত কৰিছে । ১৯৫০ চনত তেওঁ মিছনেৰীজ অৱ চেৰিটি প্ৰতিষ্ঠা কৰে ৷ ইয়াত ৪,৫০০ তকৈও অধিক ৰোমান-কেথলিক ধৰ্মীয় সন্ন্যাসিনী আছে আৰু ২০১২ চনলৈ ১৩৩ খন দেশত তেওঁলোকে প্ৰয়োজনীয় লোকক সহায় আগবঢ়াই আহিছে । মিছনেৰীজ অৱ চেৰিটিয়ে সভ্য সমাজৰ দ্বাৰা বহিস্কৃত এইডছ, কুষ্ঠা, যক্ষ্মা, কলেৰা আৰু টাইফয়েডত আক্ৰান্ত লোকসকলক সহায় আৰু সাহায্য আগবঢ়াই আহিছে ।