নেশ্যনেল ডেস্ক, ৭ মে': এগৰাকী পাষাণ হৃদয়ৰ মাতৃৰ জঘন্য কাণ্ডই লজ্জানত কৰিছে নাৰী সমাজক । নিৰ্দয় মাতৃৰ জঘন্য কাণ্ডই কঁপাই তুলিলে সমগ্ৰ উত্তৰ প্ৰদেশ । ৰাজ্যখনৰ মথুৰাৰ এগৰাকী মাতৃয়ে মাতৃস্নেহৰ সকলো বান্ধোন পাহৰি নিজৰ সদ্যোজাত সন্তানক দলিয়ালে যমুনা নদীত ।
ঘটনাৰ বিৱৰণী মতে, মথুৰাৰ বৃন্দাবন আৰক্ষী থানাৰ অন্তৰ্গত চামুণ্ডা ঘাটত এটা পাত্ৰত সদ্যজাত শিশু এটি ওপঙি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে । নৱজাতক শিশুটি এইদৰে ওপঙি থকাত স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে । ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰে আৰু চাইল্ড লাইনৰ সহযোগত জিলা চিকিৎসালয়লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।