নেশ্যনেল ডেস্ক, ১০ জুলাই: আমূলৰ পাছত এইবাৰে মাদাৰ ডেইৰীয়ে বৃদ্ধি কৰিলে গাখীৰৰ মূল্য । দিল্লী-এন চি আৰ আৰু আন চহৰসমূহত দেওবাৰৰ পৰা মাদাৰ ডেইৰী(Mother Dairy)ৰ প্ৰতি লিটাৰ গাখীৰ দাম ২ টকাকৈ বৃদ্ধি পাইছে । শেহতীয়াকৈ মূল্যবৃদ্ধি সন্দৰ্ভত মাদাৰ ডেইৰীয়ে প্ৰকাশ কৰিছিল যে, দিল্লী-এন চি আৰত ১১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ গাখীৰৰ নতুন মূল্য নিৰ্ধাৰণ কৰা হৈছে । আগশাৰীৰ গাখীৰ তথা দুগ্ধজাত সামগ্ৰীৰ যোগানকাৰী কোম্পানীটোৱে ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গাখীৰৰ মূল্য বৃদ্ধি কৰিছিল ।
মাদাৰ ডেইৰীয়ে প্ৰকাশ কৰা বিবৃতিটোত উল্লেখ কৰা হৈছে যে, কোম্পানীটোৰ সামগ্ৰিক ব্যয় বৃদ্ধি পোৱাৰ বাবে লোকচানৰ সন্মুখীন হৈ আহিছে আৰু যোৱা এটা বছৰে এই ব্যয়ৰ পৰিমাণ বহুগুণে বৃদ্ধি পাইছে । লগতে মহামাৰী সৃষ্ট পৰিস্থিতিৰ বাবেও গাখীৰৰ উৎপাদনত বহুতো বাধা আহি পৰিছে । যোৱা বছৰত উৎপাদন মূল্য ৮-১০ শতাংশলৈ বৃদ্ধি হৈছে আৰু লগতে প্ৰক্ৰিয়াকৰণ, পেকেজিং আৰু লজিষ্টিকৰ বৰ্ধিত কাৰ্যকৰী ব্যয় বৃদ্ধি হৈছে । যোৱা তিনি-চাৰি সপ্তাহত গাখীৰৰ উৎপাদন মূল্য প্ৰায় ৪ শতাংশ বৃদ্ধি পাইছে ।