নেশ্যনেল ডেস্ক, 25 ফেব্ৰুৱাৰী:বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি (Extra Marital Affair case)৷ নিজ প্ৰেমিকৰ সৈতে লগ হৈ নিজৰ চাৰি বছৰীয়া সন্তানক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে (child death for Extra Marital Affair)৷ এই নৃশংস ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ কুলতালীত ৷
ঘটনাৰ বিৱৰণী অনুসৰি কুলাতলীত এটা দম্পতীয়ে নিজ সন্তানৰ সৈতে সুখেৰে বাস কৰি আছিল (Extra Marital Affair Murder) ৷ কিন্তু পৰিয়ালটোলৈ পৰকীয়া প্ৰেমে নমাই আনিলে ভয়ংকৰ অমানিশা ৷ মহিলাগৰাকীৰ কুলাতলীৰে আবুল হুছেইন নামৰ এজন পুৰুষৰ সৈতে চিনাকি হ’ল ৷ সেই চিনাকিয়ে সময়ৰ লগে লগে প্ৰেমলৈ পৰিৱৰ্তিত হ’ল ৷ লাহে লাহে মহিলাগৰাকীৰ স্বামী তয়েব আলীয়ে কামলৈ গ’লেই ইয়াৰ সুযোগ বুজি আবুলে মহিলাগৰাকীৰ সৈতে সময় পাৰ কৰিবলৈ আহে ৷ এই সমগ্ৰ ঘটনাৰ সাক্ষী আছিল মহিলাগৰাকীৰ চাৰি বছৰীয়া সন্তানটি (Mother allegedly killed her son)৷
আবুলৰ প্ৰেমত মহিলাগৰাকী ইমানেই নিমজ্জিত হৈ গ’ল যে তেওঁ ক্ৰমান্বয়ে আবুলৰ লগত নিজ সংসাৰ কৰাৰ সপোন ৰচে ৷ কিন্তু সন্তানটি থকালৈকে স্বামীক এৰি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল মহিলাগৰাকীয়ে ৷ অৱশেষত আবুলৰ লগত নিজ সংসাৰ কৰা মানসেৰে মহিলাগৰাকীয়ে আবুলৰ লগত লগ হৈ এদিন সন্তানটিক হত্যা কৰাৰ পৰিকল্পনা কৰিলে (Mother allegedly killed four year old child)৷