নেশ্যনেল ডেস্ক, ২০ এপ্ৰিল :অত্যধিক গৰমে দহিছে দেশবাসীক । দেশৰ বহু স্থানত গৰমৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত আছে । কোনো কোনো স্থানত বিদ্যালয়, মহাবিদ্যালয় আদি বন্ধ ৰাখিবলগীয়া পৰিস্থিতি হৈছে । ইয়াৰ মাজতে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নে এতিয়া চিন্তিত কৰি তুলিছে দেশবাসী (University of Cambridge study over heatwave)।
অধ্যয়ন অনুসৰি দেশৰ ৯০ শতাংশত কৈও অধিক অঞ্চলৰ লোকে অত্যাধিক গ্ৰীষ্ম প্ৰৱাহৰ মুখামুখি হ'ব (Heatwave effects India)। যাৰ বাবে অঞ্চলবোৰক গ্ৰীষ্ম প্ৰৱাহৰ ক্ষেত্ৰত চৰম উদ্বেগজনক বা বিপদজনক বুলি ধৰা হৈছে । ৰমিত দেৱনাথৰ লগতে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ সহকৰ্মীসকলে এই অধ্যয়নটো কৰিছে । ৰাজধানী দিল্লীক অত্যধিক গ্ৰীষ্ম প্ৰৱাহৰ প্ৰভাৱিত অঞ্চল হ'ব বুলি কোৱা হয় ।
অধ্যয়নৰ মতে, গ্ৰীষ্ম প্ৰৱাহে ৰাষ্ট্ৰসংঘৰ Sustainable Development Goals লাভ কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টাত বাধা প্ৰদান কৰিছে । বৰ্তমানৰ মূল্যাঙ্কনবোৰে ৰাষ্ট্ৰৰ ওপৰত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰভাৱৰ বাবে সঠিকভাৱে দায়ী নহয় । অধ্য়নৰ মতে, অত্যধিক গৰমৰ ফলত অৱশেষত "বাহ্যিক কাম কৰাৰ ক্ষমতা" ১৫ শতাংশ হ্ৰাস হ'ব পাৰে, ৪৮০ নিযুত লোকৰ জীৱনৰ মানদণ্ড হ্ৰাস হ'ব পাৰে আৰু ২০৫০ চনলৈ জিডিপি ২.৮ শতাংশ হ্ৰাস হ'ব পাৰে ।
তদুপৰি, ১৯৯২ চনৰ পৰা গ্ৰীষ্ম প্ৰৱাহ ২৪,০০০ তকৈও অধিক লোকৰ মৃত্যু, বায়ু প্ৰদূষণ বৃদ্ধি আৰু উত্তৰ ভাৰতত হিমবাহ গলি যোৱাত ক্ষিপ্ৰতা আনিছে । মহাৰাষ্ট্ৰত শেহতীয়াকৈ এক বঁটা প্ৰদান অনুষ্ঠানত ১৪ গৰাকী লোক হিট ষ্ট্ৰোকৰ ফলত মৃত্যুমুখত পৰিছে (Sun stroke in Maharashtra)। গ্ৰীষ্ম প্ৰৱাহ সম্পৰ্কীয় কাৰণত একেলগে ইমানগৰাকী লোকৰ মৃত্যু হোৱাৰ ঘটনা এয়াই প্ৰথম হিচাপে বিবেচিত হৈছে । অধ্যয়নৰ মতে ভাৰতে বৰ্তমান একাধিক জলবায়ুৰ পৰিৱৰ্তনৰ সন্মুখীন হৈছে আৰু যোৱা বছৰৰ জানুৱাৰীৰ পৰা অক্টোবৰলৈকে প্ৰায় প্ৰতিদিনে অত্যাধিক বতৰ পৰিৱৰ্তনৰ অনুভৱ কৰা হৈছে ।