ইন্টাৰনেচনেল ডেস্ক, ৯নৱেম্বৰ: পৃথিৱীৰ কেইখনমান দেশত ভূমিকম্পৰ সম্ভাৱনা অধিক বুলি ভূ-বিজ্ঞানীসকলে মন্তব্য় কৰিছে (earthquake prone areas)। শেহতীয়া ভাৱে গ্ল'বেল আৰ্থকুৱেক মডেল ফাউণ্ডেচনে (Global Earthquake Model Foundation) প্ৰস্তুত কৰা এক নতুন মানচিত্ৰত এই সম্ভাৱনীয়তাৰ বিষয়ে উল্লেখ কৰা হৈছে ।
ভূমিকম্পৰ বাবে পৃথিৱীত মানুহে ক'ত আটাইতকৈ বেছি বিপদৰ সন্মূখীন হ'বলগীয়া হয় সেয়া নিৰ্ধাৰণ কৰাটো সাধাৰণতে কঠিন । কিয়নো সমগ্ৰ বিশ্ব কঁপি উঠা পৰিণামৰ তুলনা কৰাৰ কোনো মানক তথা বিস্তৃত উপায় উলিওৱাটো এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই । তথাপি গ্ল'বেল আৰ্থকুৱেক মডেল ফাউণ্ডেচনে ইয়াৰ মাজতেই প্ৰস্তুত কৰিছে এনে কেইখনমান দেশৰ নাম য'ত বেছি বিপদৰ সন্মূখীন হোৱাৰ আশংকা আছে (most earthquake prone countries) ।
চীন:গ্ল'বেল আৰ্থকুৱেক মডেল ফাউণ্ডেচনৰ তথ্য় অনুসৰি পৃথিৱীত ভূমিকম্পত মৃত্যু হোৱা লোক সকলৰ অৰ্ধেকেই হৈছে চীনৰ বাসিন্দা । সেয়েহে এইটো এটা ভূমিকম্প প্ৰৱণ এলেকা হিচাপে চিহ্নিত কৰা হৈছে ।
জাপান:এই দেশখন পেচিফিক ৰিং অৱ ফায়াৰত অৱস্থিত (Pacific Ring of Fire)। এইটো পৃথিৱীৰ আটাইতকৈ ভূমিকম্প প্ৰৱণ অঞ্চলবোৰৰ অন্য়তম বুলি কোৱা হয় । অৱশ্যে জাপানৰ ভূমিকম্প সতৰ্কতা প্ৰণালী অতি শক্তিশালী বুলি উল্লেখ কৰিছে গ্ল'বেল আৰ্থকুৱেক মডেল ফাউণ্ডেচনে । ফাউণ্ডেচনৰ মতে, জাপানত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰণালী আছে । প্ৰশান্ত মহাসাগৰৰ চাৰিওফালে এক বহল আগ্নেয়গিৰি আৰু ভূমিকম্পৰ পৰিসৰ থকা বাবে ইয়াক "ৰিং অৱ ফায়াৰ "বুলি কোৱা হয় ।
ইৰাণ:ইৰাণ এনে এক ভৌগোলিক সীমাত অৱস্থিত য'ত ইউৰেচিয়ান আৰু আৰৱীয় টেকটনিক প্লেট মিলিত হৈছে । সেয়েহে ইয়াতো প্ৰায়ে ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয় । ইয়াত সাগৰৰ আগ্নেয়গিৰি আৰু সঘনাই ভূমিকম্পৰ বাবে এক অস্থিৰ ক্ষেত্ৰ সৃষ্টি কৰে । ভূমিকম্পক তুৰ্কীৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক বিপদ বুলি গণ্য কৰা হয় । তথ্য় অনুসৰি ইয়াৰ সৰ্ববৃহৎ চহৰ ইস্তাম্বুল সক্ৰিয় ফল্ট লাইনত আছে ।