অসম

assam

ETV Bharat / bharat

Mosambi peels can help prevent Cancer : মৌচুমী ফলৰ বাকলিয়ে প্ৰতিৰোধ কৰিব পাৰে দুৰাৰোগ্য কৰ্কট ৰোগ

এতিয়াৰে পৰা মৌচুমী ফলৰ জৰিয়তে কৰিব পৰা যাব কৰ্কট ৰোগ প্ৰতিৰোধ (Mosambi peels can help prevent cancer) ৷ এই দাবী উত্থাপন কৰিছে আই আই টি বাৰাণসীৰ গৱেষকসকলে ৷ এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ পাইছে এখন আন্তৰাষ্ট্ৰীয় জাৰ্ণেলত ৷

mosambi-peels-can-help-prevent-cancer-bhu-study
মৌচুমী ফল

By

Published : Jan 10, 2022, 2:34 PM IST

মৌচুমী ফলৰ বাকলিয়ে (Mosambi peels can help prevent cancer) প্ৰতিৰোধ কৰিব পাৰে দুৰাৰোগ্য কৰ্কট ৰোগ ৷ আই আই টি বাৰাণসীৰ সহযোগী অধ্যাপক বিশাল মিশ্ৰই এই কথা প্ৰকাশ কৰি কয় যে, বীৰ সিং নামৰ তেওঁৰ এগৰাকী ছাত্ৰৰ দ্বাৰা পূৰ্বে প্ৰকাশিত এক গৱেষণা পত্ৰত সন্নিৱিষ্ট এই তথ্যৰ বিষয়ে এক আন্তৰাষ্ট্ৰীয় জাৰ্ণেলত প্ৰকাশ পাইছে ।

মিশ্ৰই কয় যে, আই আই টি বাৰাণসীৰ স্কুল অৱ বায়’কেমিকেল ইঞ্জিনিয়াৰিঙৰ গৱেষকসকলে শেহতীয়াকৈ এক মিশ্ৰণ প্ৰস্তুত কৰিছে ৷ যাৰ ফলত দূষিত পানীৰ পৰা হেক্সাভেলেন্ট ক্ৰ’মিয়ামৰ নিচিনা বিষাক্ত ধাতৱীয় আয়নসমূহ দূৰ কৰিব পাৰি ।

মিশ্ৰই লগতে কয় যে, হেক্সাভেলেন্ট ক্ৰ’মিয়াম নামৰ এক ৰাসায়নিক যৌগই মানৱ দেহত কৰ্কত ৰোগ তথা বৃক্ক, লিভাৰ আৰু ছালৰ বহু ৰোগ সৃষ্টিত সহায় কৰে ৷ এই পৰিৱেশ প্ৰদূষণমুক্ত মিশ্ৰণটো মৌচুমী ফলৰ বাকলিৰ পৰা প্ৰস্তুত কৰা হৈছে ৷ ই দূষিত পানীৰ পৰা হেক্সাভেলেন্ট ক্ৰ’মিয়াম নামৰ ধাতৱীয় আয়নসমূহ সহজে আৰু কম সময়ত পৰিস্কাৰ কৰিব পাৰে ।

বীৰ সিঙে কয় যে, গৱেষকসকলে এই মিশ্ৰণৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে আৰু ইয়াৰ কাৰ্যদক্ষতা নিশ্চিত কৰিছে ৷ বিষাক্ত ধাতৱীয় আয়নসমূহ দূৰীকৰণৰ উপৰিও গধূৰ ধাতু যেনে- কপাৰ, লীড অথবা কেডিয়ামৰ নিচিনা ধাতুৰ ওপৰতো এই মিশ্ৰণৰ প্ৰয়োগ কৰি সুফল পোৱা গৈছে ৷

গধূৰ ধাতৱীয় আয়নসমূহৰ কিছু কাৰ্চিন’জেনেটিক প্ৰপাৰ্টি থাকে, যিয়ে কৰ্কট ৰোগ সৃষ্টিত সহায় কৰে ৷ এই প্ৰক্ৰিয়াটো সম্পৰ্কে বাখ্যা কৰি বীৰ সিঙে কয় যে, মৌচুমী ফলক প্ৰথমে শুকুৱাই লোৱা হয় আৰু তাৰপাছত ইয়াক খুন্দি ছিতোচন (chitosan) নামৰ এক বায়’পলিমাৰৰ সহায়ত গুণগত মানদণ্ড উন্নত কৰা হয় ৷ ইয়াৰ পাছত এই মৌচুমীৰ বাকলিৰ গুৰিসমূহ পানীত ডুবাই দিয়া হয়, যিয়ে পানীত থকা বিষাক্ত ধাতৱীয় আয়নসমূহ আঁতৰ কৰাত সহায় কৰে ৷

বীৰৰ মতে, উন্নয়নশীল দেশসমূহত বিশুদ্ধ পানী লাভ কৰাতো এতিয়াও এক প্ৰধান সমস্যা ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, প্ৰতিবছৰে প্ৰায় ৩.৪ বিলিয়ন লোক, বিশেষকৈ শিশুৰ পানী সংক্ৰান্তীয় বেমাৰত মৃত্যু ঘটে ৷

ইউনিচেফৰ মতে বছৰি বেক্টেৰিয়া থকা পানী সেৱন কৰাৰ বাবে প্ৰায় ৪০০০ শিশু এতিয়াও মৃত্যুমুখত পৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ২.৬ বিলিয়ন লোক এতিয়াও বিশুদ্ধ খোৱা পানীৰ অভাৱত আছে ৷ যাৰ বাবে এতিয়াও বছৰি ১.৪ মিলিয়ন শিশুকে ধৰি বছৰি প্ৰায় ২.২ মিলিয়ন লোকৰ মৃত্যু ঘটে ৷

এই দুৰাৰোগ্য ৰোগসমূহ প্ৰতিৰোধৰ বাবে খোৱা পানীৰ মান উন্নতকৰণৰ প্ৰয়োজনীয়তা খুবেই বেছি ৷ যিহেতু মৌচুমী ফল সহজলভ্য, এই মিশ্ৰণটোৱে সহজতে লোকক দূষিত পানী পৰিস্কাৰকৰণৰ ক্ষেত্ৰত সহায় কৰিব পাৰে বুলি মিশ্ৰই সদৰী কৰে ৷ তেওঁ লগতে কয় যে, যিহেতু গৱেষণাৰ সুফল পোৱা গৈছে, সেয়ে তেওঁলোকে এই মিশ্ৰণৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে হৈ পৰিছে আশাবাদী ৷

ABOUT THE AUTHOR

...view details