নেশ্যনেল ডেস্ক,৫ মে' :মধ্য প্ৰদেশৰ চম্বলত ভয়ংকৰ ঘটনা । দুটা পৰিয়ালৰ মাজৰ সংঘৰ্ষত প্ৰাণ গ'ল ৬ গৰাকীৰ (6 killed in clash between two families)। এটা পৰিয়ালে ১০ বছৰ পুৰণি এক হত্যাৰ প্ৰতিশোধ ল'বলৈ আন এটা পৰিয়ালৰ ওপৰত গুলীচালনা কৰে ।
চিহোনিয়ান আৰক্ষী থানাৰ অন্তৰ্গত লেপা গাঁৱত সংঘটিত হৈছে এই ঘটনা (MP firing)। দুগৰাকী মহিলাসহ ৬ জন লোকক গুলীয়াই হত্যা কৰে এটা পৰিয়ালৰ সদস্যই । ‘তোমাৰ’ পৰিয়ালৰে আন ৩ জন লোকো আহত হয় । আহতসকলক চিকিৎসাৰ বাবে ততাতৈয়াকৈ মোৰেনা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । লগে লগে ঘটনাস্থলীত আৰক্ষীও উপস্থিত হয় ।
আৰক্ষীয়ে জনোৱা মতে ৰঞ্জিত তোমাৰ আৰু ৰামবীৰ সিং তোমাৰৰ মাজত চলি থকা দীৰ্ঘদিনীয়া পাৰিবাৰিক সংঘাতৰ পৰিণতিতে এই ঘটনা সংঘটিত হয় । শুকুৰবাৰে পুৱা দুয়োটা পৰিয়ালৰ মাজত পুনৰ সংঘৰ্ষ হয় । এই সংঘৰ্ষত আক্ৰমণকাৰী পৰিয়ালে ৰাইফল ব্যৱহাৰ কৰে (Clashes between two families in MP)।
জানিব পৰা মতে ৰামবীৰ তোমাৰৰ হৈ এজন যুৱকে ৰাইফলৰে গুলীবৰ্ষণ আৰম্ভ কৰে । এই গুলীচালনাত গজেন্দ্ৰ সিং তোমাৰ আৰু তেওঁৰ দুই পুত্ৰ ফাণ্ডি তোমাৰ আৰু সঞ্জু তোমাৰৰ ঘটনাস্থলীতে মৃত্যু হয় । ইয়াৰ উপৰিও, দুগৰাকী মহিলাকো গুলীয়াই হত্যা কৰা হয় । আৰক্ষীয়ে আহতসকলক তেওঁলোকৰ বাহনত চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।