আগৰতলা, 1 মে' :আগৰতলাৰ এটা বিবাহগৃহত আৰক্ষীৰ সৈতে প্ৰৱেশ কৰি হঠাৎ এক অভিযান চলাই অশোভনীয় আচৰণ কৰাক লৈ ৰাজ্যৰ ভিন্ন স্তৰত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱ ৷ আগৰতলা চহৰৰ মাজভাগত অৱস্থিত এটা বিবাহগৃহত উপস্থিত হৈ ক'ভিড-19 সম্পৰ্কীয় নিৰ্দেশাৱলী ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজ, দৰা আৰু আনকি আৰক্ষী কৰ্মীৰ সৈতে হতাহতিত লিপ্ত হোৱাৰ পাচতে দণ্ডাধীশ গৰাকী বিতৰ্কৰ মাজত সোমাই পৰিছে ৷
জিলা দণ্ডাধীশ গৰাকীৰ এই আচৰণক লৈ একাংশ লোক অসন্তুষ্ট হৈ পৰাৰ লগতে আগৰতলা চহৰৰ বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে বহু গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, যাদৱৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সমূহ হিচাপ কৰা হোৱা নাই যদিও দণ্ডাধীশ গৰাকীৰ বিৰুদ্ধে বৰ্তমানলৈকে প্ৰায় 10 টাৰো অধিক গোচৰ ৰুজু হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি কেৱল পশ্চিম আগৰতলা থানাতে তিনিখনকৈ গোচৰ ৰুজু হৈছে ৷ সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ মতে, কোনো গোচৰেই এফআইআৰ হিচাপে পঞ্জীয়ন কৰা হোৱা নাই আৰু প্ৰত্যেক গোচৰ উচ্চ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে ৷