অসম

assam

মেঘালয়ত ৪ মাহত ১৮ কোটি টকাৰ ড্ৰাগছ জব্দ, ১৩৪ জনক গ্ৰেপ্তাৰ

By

Published : Sep 24, 2022, 2:04 PM IST

বিগত চাৰি মাহত মেঘালয়ত ১৮ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে (Rs 18 crore drugs seized in Meghalaya) । আনহাতে, ১৩৪ জন ড্ৰাগছৰ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে (134 drugs traffickers arrested in Meghalaya) ।

drugs
drugs

নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ : মেঘালয়ত বিগত চাৰি মাহত ১৮ কোটি টকাৰ অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে (Rs 18 crore drugs seized in Meghalaya) । আনহাতে, ১৩৪ জন ড্ৰাগছৰ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে (134 drugs traffickers arrested in Meghalaya) । ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈয়ে (DGP of Meghalaya L R Bishnoi) এই কথা প্ৰকাশ কৰিছে । জব্দ কৰা ড্ৰাগছবোৰৰ ভিতৰত আছে ৩.৬২ কিলোগ্ৰাম হেৰোইন (heroin seized), ৪,৫০০ কিলোগ্ৰাম গাঞ্জা, ১৫০ গ্ৰাম আফিং, ১৪৫ বটল কফ চিৰাপ আৰু ১১,৯০২ টা এম্ফেটামিন টেবলেট (amphetamines tablets) ।

এই সময়ছোৱাত ৩১ খন বাহন, ৯০ টা মোবাইল ফোন আৰু নগদ ২৪.২২ লাখ টকাও জব্দ কৰা হয় বুলি ডিজিপিয়ে কয় । "আমি মেঘালয়ৰ ইমূৰৰ পৰা সিমূৰলৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছোঁ । যোৱা চাৰি মাহত (জুনৰ পৰা ছেপ্টেম্বৰলৈকে) আমি 18.33 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছোঁ (Meghalaya Police) । এইটো এটা বৃহৎ জব্দৰ ঘটনা আৰু ৰাজ্যিক আৰক্ষীৰ বাবে কৃতিত্ব । এই দায়িত্ব নিচাজাতীয় দ্ৰব্যবিৰোধী টাস্ক ফ'ৰ্চৰ লগতে চোৰাংচোৱাৰ বিশেষ শাখাক দিয়া হয় ।" শুকুৰবাৰে বিষ্ণৈয়ে সাংবাদিকৰ আগত এনেদৰে কয় ।

আনহাতে, এতিয়ালৈকে পঞ্জীয়ন কৰা ৪৮ টা গোচৰত মুঠ ১৩৪ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁ কয় যে ১৩৪ জন ড্ৰাগছ সৰবৰাহকাৰীৰ ভিতৰত ১২৩ জন মেঘালয়ৰ আৰু ১১ জন অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ দৰে আন ৰাজ্যৰ । অৱশ্যে ডিজিপিয়ে জনায় যে তদন্ত সম্পূৰ্ণ কৰাত পলম হোৱাৰ বাবে এটাও গোচৰত এতিয়ালৈকে অভিযোগ-নামা দাখিল কৰা হোৱা নাই ।

"এই সমস্যা দূৰ কৰিবলৈ আমি চোৰাংচোৱা বিষয়াসকলক তেওঁলোকৰ কেছ ডায়েৰীৰ (case dairies) সৈতে মাতি পঠাইছোঁ আৰু জ্যেষ্ঠ বিষয়াসকলে তেওঁলোকৰ কেছ ডায়েৰীবোৰ তদাৰক কৰি আছে যাতে প্ৰক্ৰিয়াগত ত্ৰুটি নাথাকে ।" ডিজিপিয়ে কয় ।

উল্লেখ্য, ড্ৰাগছ সৰবৰাহ কৰা জিলাবোৰ হৈছে পূব খাচী পাহাৰ, পশ্চিম খাচী পাহাৰ, দক্ষিণ-পশ্চিম খাচী পাহাৰ, পূব জয়ন্তীয়া, পশ্চিম জয়ন্তীয়া পাহাৰ, ৰি-ভই, পশ্চিম গাৰো পাহাৰ আৰু দক্ষিণ গাৰো পাহাৰ । তেওঁ কয়, "পঞ্জীয়ন কৰা ৪৮ টা গোচৰৰ ভিতৰত ৫০ শতাংশ পূব খাচী পাহাৰ জিলাত পঞ্জীয়ন কৰা হৈছে আৰু পৰৱৰ্তী সৰ্বোচ্চ পঞ্জীয়ন পশ্চিম গাৰো পাহাৰত আৰু তাৰ পিছত পূব জয়ন্তীয়া পাহাৰ, ৰি-ভই আৰু পশ্চিম জয়ন্তীয়া পাহাৰৰ খলিহৰিয়াত আছে ।

লগতে পঢ়ক :পৰিৱেশ আৰু অৰ্থনীতিত ব্যাপক আঘাত হানিছে ৰহিংগীয়া শৰণাৰ্থীয়ে: শ্বেখ হাছিনা

ABOUT THE AUTHOR

...view details