নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল: মধ্য প্ৰদেশৰ কাৰেৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । এগৰাকী কৃষকৰ ঘৰৰ পৰা কোনো দুৰ্বৃত্তই ১.২৪ কোটি টকা চুৰিকাণ্ড সংঘটিত কৰে । ঘটনা অনুসৰি, কাৰেৰাৰ বাসিন্দা জাহাৰ সিং নামৰ কৃষকজনে ১০/১২ দিন পূৰ্বে তেওঁৰ চাৰিবিঘা মাটি বিক্ৰী কৰিছিল আৰু নগদ ধনখিনি তেওঁৰ ঘৰৰ এটা বাকচত ৰাখি থৈছিল ।
মধ্য প্ৰদেশত কৃষকৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ধন চুৰি
মধ্য প্ৰদেশৰ কাৰেৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ কাৰেৰাৰ বাসিন্দা জাহাৰ সিং নামৰ কৃষকজনৰ ঘৰৰ পৰা চুৰি হ’ল ১.২৪ কোটি টকা ।
মধ্য প্ৰদেশত কৃষকৰ ঘৰত চুৰি বৃহৎ পৰিমাণৰ ধন
নিশা জাহাৰ সিং আৰু তেওঁৰ পৰিয়ালৰ লোক শুই থকা অৱস্থাত কোনো দুৰ্বৃত্তই নগদ ধনখিনি লৈ উধাও হয় । সিঙৰ পত্নীয়ে সাৰ পাই দেখে যে তলা লগাই থোৱা বাকচটোৰ তলা ভাঙি ধনখিনি লৈ উধাও হয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । অৱশ্যে সিঙৰ ঘৰত এইদৰে বৃহৎ পৰিমাণৰ ধন ৰখা কাৰ্যই সন্দেহৰ আঙুলি টোৱাইছে ।
লগতে পঢ়ক: কৰ’ণা সংক্ৰমণৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ ভূপালৰ সকলো হোষ্টেল