অসম

assam

By

Published : Jan 3, 2021, 9:36 PM IST

ETV Bharat / bharat

মধ্যপ্ৰদেশত শতাধিক কাউৰীৰ অস্বাভাৱিক মৃত্যু

মধ্যপ্ৰদেশৰ আগৰ-মালৱাত শনিবাৰ পৰ্যন্ত 125-130 কাউৰী অস্বাভাৱিক বাবে মৃত অৱস্থাত উদ্ধাৰ হৈছে ৷ চহৰখনত চলোৱা মৃত কাউৰীৰ সন্ধানৰ অভিযানত সৰ্বাধিক কাউৰী ছাৱনীস্থিত ডিপোত মৃত অৱস্থাত উদ্ধাৰ হৈছে ৷ ইতিমধ্যে বন বিভাগে মৃত কাউৰীসমূহক মৰণোত্তৰ পৰীক্ষাৰ বাবে ভূপাললৈ প্ৰেৰণ কৰিছে ৷

more-than-hundred-crows-found-dead-in-agar-malwa
মধ্যপ্ৰদেশত শতাধিক কাউৰীৰ অস্বাভাৱিক মৃত্যু

নিউজ ডেস্ক, 3 জানুৱাৰী: মধ্যপ্ৰদেশৰ ৰাজধানী ইন্দোৰত কাউৰীৰ ধাৰাবাহিক মৃত্যুৰ ঘটনা পোহৰলৈ অহাৰ পাছতে সজাগ হৈছে প্ৰশাসন ৷ সকলো জিলাত এতিয়া বাৰ্ড ফ্লুৰ সংক্ৰমণৰ আশংকাত পৰীক্ষা অব্যাহত ৰখা হৈছে ৷ এই সময়ত ৰাজ্যখনৰ আগৰ-মালৱাতো যেতিয়া প্ৰশাসন সক্ৰিয় হয়, তেতিয়া আচৰিত হ'বলগীয়া তথ্য পোহৰলৈ আহিছে ৷ জিলাখনত শনিবাৰ পৰ্যন্ত 125-130 কাউৰী অস্বাভাৱিক মৃত অৱস্থাত উদ্ধাৰ হৈছে ৷ ইয়াৰ পাছতে নগৰ পালিকাৰ দলে চহৰখনৰ পৃথক পৃথক স্থানত তালাচী আৰম্ভ কৰে ৷ চহৰখনত চলোৱা মৃত কাউৰীৰ সন্ধানৰ অভিযানত সৰ্বাধিক কাউৰী ছাৱনীস্থিত ডিপোত মৃত অৱস্থাত উদ্ধাৰ হৈছে ৷ বিগত দুই তিনিদিন ধৰি উক্ত স্থানতেই সৰ্বাধিক কাউৰী মৃত অৱস্থাত উদ্ধাৰ হয় ৷ যিসমূহক পৰৱৰ্তী সময়ত চহৰৰ পৰা নিলগত গাঁত খান্দি পুতি পেলোৱা হৈছে ৷

আনহাতে নগৰ পালিকাৰ বিষয়া সকলে দুটা মৃত কাউৰীক বন বিভাগকো অৰ্পন কৰে ৷ ইতিমধ্যে বন বিভাগে মৃত কাউৰীসমূহক মৰণোত্তৰ পৰীক্ষাৰ বাবে ভূপাললৈ প্ৰেৰণ কৰিছে ৷ আগন্তুক দুই-তিনিদিনৰ ভিতৰত মৃত কাউৰীসমূূহৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট আহিলেহে কাউৰীসমূহৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ৷

লগতে পঢ়ক:বছৰৰ আৰম্ভনিতে স্থলসেনাৰ শীৰ্ষ-পৰ্যায়ত ব্যাপক ৰদ-বদল

ABOUT THE AUTHOR

...view details