নেশ্যনেল ডেস্ক , 5 নৱেম্বৰ : উত্তৰাখণ্ড(Uttarakhand)ত বিশ্ববিখ্যাত চাৰধাম যাত্ৰা 18 চেপ্তম্বৰত আৰম্ভ হৈ 5 নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰে শেষ হ'ব ৷ মাংগলিক পৰম্পৰা অনুসৰি গংগোত্ৰী ধামৰ দুৱাৰ আজি 11 বাজি 45 মিনিটত বন্ধ কৰা হৈছে ৷ ইতিমধ্যে 10 অক্টোবৰতে বন্ধ কৰা হৈছিল চামোলি জিলাৰ শিখসকলৰ পবিত্ৰ তীৰ্থস্থান হেমকুণ্ড চাহিবৰ দুৱাৰ ।
বৃহস্পতিবাৰে উদযাপন হৈ যোৱা পোহৰৰ উৎসৱ দীপাৱলীৰ দিনাখন 6,289 গৰাকী তীৰ্থযাত্ৰীয়ে চাৰিওটা তীৰ্থস্থান দৰ্শন কৰে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ইমানদিনে কৰ'ণাৰ প্ৰভাৱৰ ফলত উচ্চ ন্যায়ালয়ৰ নিৰ্দশ মৰ্মে চাৰধাম যাত্ৰা বন্ধ হৈ আছিল ৷
ধাম | 4 নৱেম্বৰ | উপস্থিত তীৰ্থযাত্ৰী |
গংগোত্ৰী ধাম | 120 | 32,841 |
যমুনোত্ৰী ধাম | 74 | 33,046 |
কেদাৰনাথ ধাম | 2,604 | 2,36,580 |
বদ্রীনাথ ধাম | 3,491 | 1,42,978 |
হেমকুণ্ড চাহিব | - | 9165 |
মুঠ | 6289 | 4,54,610 |