নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ :আজি শ্ৰী কৃষ্ণ জন্মাষ্টমী ৷ আজিৰ দিনটোত, বিহাৰৰ চিকিৎসালয়ত 400 ৰো অধিক শিশুৰ জন্ম হয় ৷ কেৱল পাটনা জিলাতে এই সংখ্যাৰ সৰ্বাধিক 150 ত উপনীত হৈছে ৷ ইয়াৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন জিলাত নৱজাতকৰ জন্ম হৈছে ৷ নিশালৈ এই সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰাৰ অনুমান কৰা হৈছে ৷
প্ৰকৃততে, বিহাৰত এতিয়া এক নতুন ট্ৰেণ্ড চলিছে ৷ যদি প্ৰসৱৰ সময়ত কোনো উৎসৱ হয়, তেন্তে দম্পতীয়ে সেইদিনাই সন্তানটো জন্ম হোৱাটো বিচাৰে ৷ এনে পৰিস্থিতিত শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ বুলি ক’লে ক’বই নালাগে ৷ চিজেৰিয়ান কৰাব লগা মহিলাসকলে নিৰ্ধাৰিত তাৰিখৰ এদিন বা দুদিনৰ পূৰ্বেই তাৰিখ আগুৱাটো কঠিন নহয় ৷ চিকিৎসকৰ সৈতে কথা পতাৰ পিচতেই একেদিনাই চিজেৰিয়ানৰ তাৰিখ নিৰ্ধাৰণ কৰিব পাৰে ৷
ইতিমধ্যে গৰ্ভৱতী মহিলাসকলে প্ৰসৱৰ বাবে বিহাৰৰ বহুতো চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ৰ লগতে নাৰ্চিং হোমলৈ আহিছে ৷ তেওঁলোকৰ বেছিভাগৰেই প্ৰসৱ স্বাভাৱিক আছিল, অতি কম সংখ্যকৰহে চিজেৰিয়ান প্ৰক্ৰিয়াৰে প্ৰসৱ হৈছিল ৷ কিছুমান ডাঙৰ ডাঙৰ ব্যক্তিগত চিকিৎসালয়ত আজিৰ দিনটোত প্ৰায় ভিৰ হোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷
পাটনা:জন্মাষ্টমী উপলক্ষে বিহাৰৰ ৰাজধানী পাটনাত বেছিভাগ ডেলিভাৰীয়ে ডাঃ চাৰিকা ৰায়ৰ ক্লিনিকত কৰা হৈছে ৷ জন্মাষ্টমী উপলক্ষে ক্লিনিকখনত 35 টাতকৈও অধিক শিশু প্ৰসৱ কৰোৱা হৈছে ৷ একে সময়তে, পিএমচিএইচ, এনএমচিএইচ আৰু কুৰ্জি হোলী পাৰিবাৰিক চিকিৎসালয়ত প্ৰায় 20 টা শিশুৱে প্ৰসৱ কৰিব ৷
আৰাৰিয়া:আৰাৰিয়া সদৰ চিকিৎসালয়ত 24 টা শিশুৰ জন্ম হৈছে ৷ ইয়াৰ ভিতৰত আছে 13 জন ল'ৰা আৰু 11 গৰাকী ছোৱালী সন্তান ৷ চিকিৎসালয়খনৰ অক্ষ্যক্ষৰ মতে গোটেইকেইটা ঘটনাতে সকলো মাতৃ আৰু শিশু স্বাস্থ্যৱান ৷
গোপালগঞ্জ: গোপালগঞ্জ সদৰ চিকিৎসালয়ত 13 টা শিশুৰ জন্ম হৈছে।
বৈশালী:হাজিপুৰ সদৰ চিকিৎসালয়ত 17 টা শিশুৰ জন্ম হৈছে ৷ নিশালৈ,এই সংখ্যা বৃদ্ধি হৈ 40 ৰ ঘৰ চোৱাৰ সম্ভাৱনা আছে ৷
কাটিহাৰ:কাটিহাৰৰ সদৰ চিকিৎসালয়ত 13 টা নৱজাতকৰ জন্ম হৈছে ৷ ইয়াৰে 7 গৰাকী ল'ৰা আৰু 6 গৰাকী ছোৱালী সন্তান ৷
চাৰণ:ছপ্ৰা সদৰ চিকিৎসালয়ত 10 টা শিশুৰ জন্ম হৈছে ৷ তাৰে 8 টা ল'ৰা আৰু 2 গৰাকী ছোৱালী সন্তান ৷
বেগুসৰায়: বেগুসৰায় সদৰ চিকিৎসালয়ত 14 টা শিশুৰ জন্ম হৈছে৷ যাৰ ভিতৰত আছে 8 টা ল'ৰা আৰু 6 গৰাকী ছোৱালী সন্তান ৷
ৰোহতাছ: ৰোহতাচৰ চাচাৰাম সদৰ চিকিৎসালয়ত 8 টা শিশুৰ জন্ম হৈছে ৷ যাৰ ভিতৰত 5 গৰাকী ছোৱালী আৰু 3 জন ল'ৰা।