অসম

assam

ETV Bharat / bharat

হৰ ঘৰ ত্ৰিৰংগা ৱেবচাইটত ৫ কোটিৰো অধিক ছেলফী আপলোড

ভাৰত চৰকাৰে প্ৰকাশ কৰা এক তথ্য অনুসৰি, হৰ ঘৰ ত্ৰিৰংগাৰ ৱেবছাইটত (Har Ghar Tiranga website) ৫ কোটিৰো অধিক লোকে ত্ৰিৰংগাৰ সৈতে আপলোড কৰিছে ছেলফী ।

More than 5 crore selfies uploaded on Har Ghar Tiranga website
হৰ ঘৰ ত্ৰিৰংগা ৱেবচাইটত আপলোড ৫ কোটিৰো অধিক চেলফি

By

Published : Aug 15, 2022, 10:25 PM IST

নেশ্যনেল ডেস্ক, 15 আগষ্ট: আজি দেশজুৰি উদযাপন কৰা হ’ল 76 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ছেলফী তোলাৰো যেন এক জোৱাৰ উঠিল ৷ অসংখ্য লোকে আপলোড কৰিছে নিজৰ ফটো ৷ সোমবাৰে সন্ধিয়া ভাৰত চৰকাৰে প্ৰকাশ কৰা এক তথ্য অনুসৰি, হৰ ঘৰ ত্ৰিৰংগাৰ ৱেবছাইটত (Har Ghar Tiranga website) ৫ কোটিৰো অধিক লোকে আপলোড কৰিছে ত্ৰিৰংগাৰ সৈতে ছেলফী । উল্লেখ্য, সাংস্কৃতিক মন্ত্রণালয়ৰ দ্বাৰা পৰিচালিত হৈছে চৰকাৰৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৷

পতাকাৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তোলাৰ বাবে ভাৰতবাসীক ঘৰতে অথবা নিজৰ কৰ্মস্থলীত পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনাইছিল কেন্দ্ৰীয় চৰকাৰে (Har Ghar Tiranga movement by hoisting national flag)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২২ জুলাইত ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন বা প্ৰদৰ্শন কৰি 'হৰ ঘৰ ত্ৰিৰংগা’ (Har Ghar Tiranga) কাৰ্যসূচীত যোগদান কৰিবলৈ আহ্বান জনাইছিল ।

এই কাৰ্যসূচীৰ অংশস্বৰূপে কেন্দ্ৰীয় চৰকাৰে স্বাধীনতা দিৱস উপলক্ষে প্ৰস্তুত কৰা harghartirangadotcomত ত্ৰিৰংগাৰ সৈতে ছেলফী আপলোড কৰিবলৈ দেশবাসীৰ প্ৰতি আহ্বান জনাইছিল ।

ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সমূহ ভাৰতীয়ৰ অংশগ্ৰহণৰে আজি বিয়লি প্ৰায় ৪ বজাত ৫ কোটি ত্ৰিৰংগাৰ সৈতে ছেলফীৰ সফলতা লাভ কৰিছে । পৰ্যটন মন্ত্ৰী কিষাণ ৰেড্ডীয়ে(Minister of Tourism Kishan Reddy) এই সন্দৰ্ভত কয়, "৫ কোটি ত্ৰিৰংগা ছেলফীয়ে প্ৰতিফলিত কৰে যে জাতিটোক সদায় প্ৰথম স্থানত ৰখাটো ভাৰতীয়সকলৰ দায়িত্ব । ধন্যবাদ ভাৰত । এয়া সঁচাকৈয়ে মাতৃভূমিৰ প্ৰতি থকা প্ৰেমৰ সামূহিক প্ৰকাশৰ বিশেষ মুহূৰ্ত । সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ (Happy Independence Day)৷"

লগতে পঢ়ক:হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীত 76 সংখ্যক স্বাধীনতা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details