অসম

assam

ETV Bharat / bharat

বিমান বন্দৰত জব্দ 200 কোটি টকা মূল্যৰ 300 কেজি সোণ

Gold Smuggling : বিমান বন্দৰত জব্দ কৰা হৈছে 300 কেজিতকৈও অধিক সোণ ৷ সোণখিনিৰ বজাৰ মূল্য প্ৰায় 200 কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে ৷ সুৰক্ষা বাহিনীৰ সহযোগতে চলি আহিছে এনে অবৈধ কাৰবাৰ ৷

Calicut Airport
কালিকট বিমান বন্দৰ

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 9:44 PM IST

কোঝিকোড়,2 জানুৱাৰী: কেৰালাৰ কালিকট আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত জব্দ কৰা হৈছে 300 কেজিতকৈও অধিক সোণ ৷ সোণখিনিৰ বজাৰ মূল্য প্ৰায় 200 কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে ৷

উক্ত 300 কেজি সোণৰ 270 কেজিতকৈও অধিক শুল্ক বিভাগে জব্দ কৰিছে ৷ শুল্ক বিভাগে অভিযান চলোৱাৰ পিচত আৰক্ষীয়ে অভিযান চলাই 30 কেজিতকৈও অধিক সোণ জব্দ কৰে ৷ উল্লেখ্য যে কেৰালাৰ বিমান বন্দৰসমূহৰ ভিতৰত কালিকট আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰতে অধিক পৰিমানে সোণৰ চোৰাং কাৰবাৰ চলে ৷

বিমান বন্দৰটোত চলা অভিযানৰ পৰা এইটো স্পষ্ট হৈছে যে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে ৷ উল্লেখ্য যে সোণৰ চোৰাং সৰবৰাহকাৰীসকলৰ অদিকাংশই শৰীৰৰ গোপন অংগত সোণ লুকুৱাই আনে ৷ আন বহুতে কেপচুল হিচাবে আনে ৷ একাংশই অন্তৰ্বাসত সোণৰ মিশ্ৰণ লেপন কৰি অনাও ধৰা পৰিছে । তদুপৰি ফ্লাস্ক, ট্ৰিমাৰ, জুচাৰ আদিৰ ভিতৰত সোণ লুকুৱাই ৰাখে সৰবৰাহকাৰীসকলে । বিশেষকৈ মহিলাসকলক এইক্ষেত্ৰত বাহক হিচাবে ব্যৱহাৰ কৰা হয় ৷

এই ঘটনাৰ পিচতেই বিমান বন্দৰটোৰ দায়িত্বত থকা ঔদ্যোগিক সুৰক্ষা বাহিনী সহকাৰী কমাণ্ডেন্টগৰাকীক নিলম্বন কৰা হৈছে ৷ আনহাতে আৰক্ষীৰ অধিক অনুসন্ধানত এই কথা পোহৰলৈ আহিছে যে সোণৰ চোৰাং সৰবৰাহকাৰীক বিমান বন্দৰটোৰ কৰ্তৃপক্ষয়ো সহায় কৰি আহিছে ৷ ইফালে বিদেশৰ পৰা বক্ৰপথৰে সোণ ক্ৰয় কৰি শুল্ক বিভাগৰ চকুত ধূলি মাৰি অহা এগৰাকী অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে ৷

আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলে এই কথা স্পষ্ট কৰিছে যে চি আই এছ এফৰ এগৰাকী শীৰ্ষ বিষয়াৰ সহযোগতে সোণৰ এই চোৰাং ব্যৱসায় অব্যাহত আছিল ৷ সম্প্ৰতি আৰক্ষীয়ে নিলম্বিত চি আই এছ এফ বিষয়াগৰাকীৰ গোচৰটো ভিজিলেন্সলৈ হস্তান্তৰ কৰিছে ৷

লগতে পঢ়ক:টকিঅ'ৰ হানেদা বিমানবন্দৰত যাত্ৰীবাহী বিমানত অগ্নিকাণ্ড, 400 যাত্ৰীক উদ্ধাৰ

ABOUT THE AUTHOR

...view details