অসম

assam

ETV Bharat / bharat

Peacocks Death due to heat: সুৰেন্দ্ৰনগৰত প্ৰচণ্ড গৰমত মৃত্যু 30 টাতকৈও অধিক ময়ূৰৰ - Peacocks die due to scorching heat

সুৰেন্দ্ৰনগৰত প্ৰচণ্ড গৰমত মৃত্যু হয় 30 টাতকৈও অধিক ৰাষ্ট্ৰীয় চৰাই ময়ূৰ ৷ এটাৰ পিচত আন এটা ময়ূৰ পক্ষীৰ মৃত্যুত সতৰ্ক হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ (Peacocks Died due to heat in Surendranagar) ৷

Peacocks Died due to heat in Surendranagar
প্ৰচণ্ড গৰমত মৃত্যু 30 টাতকৈও অধিক ময়ূৰৰ

By

Published : May 21, 2023, 10:44 PM IST

নিউজ ডেস্ক, 21 মে’: সুৰেন্দ্ৰনগৰৰ পাটডী তালুকাত গ্ৰীষ্ম প্ৰবাহৰ বাবে জাৰি কৰা অৰেঞ্জ এলাৰ্টৰ মাজতে প্ৰচণ্ড গৰমত মৃত্যু হয় 30 টাতকৈও অধিক ৰাষ্ট্ৰীয় চৰাই ময়ূৰ ৷ যদি এই পৰিস্থিতিৰ অব্যাহত থাকে তেন্তে এসময়ত ময়ূৰ পালনৰ বাবে বিখ্যাত ছাৱলাছ গাঁৱত ময়ূৰ পক্ষী নোহোৱা হোৱাৰ সম্ভাৱনা আছে (Peacocks Death due to heat) ৷

সুৰেন্দ্ৰনগৰ জিলাৰ অন্যান্য স্থানৰ তুলনাত, পাটডী তালুকা মৰুভূমিৰ কাষত আছে ৷ ইয়াত তাপমাত্ৰা সুৰেন্দ্ৰনগৰতকৈ দুই ডিগ্ৰী বেছি ৷ পাটডীৰ ঝালাৱাৰ এলেকাত, অৰেঞ্জ এলাৰ্টৰ মাজত উষ্ণতা 43 ৰ পৰা 44 ডিগ্ৰীলৈ বৃদ্ধি পাইছে ৷ প্ৰচণ্ড গৰমত মানুহৰ বাবে ঘৰৰ পৰা ওলাই অহাটোও কঠিন হৈ পৰিছে ৷ প্ৰচণ্ড গৰমত মানুহৰ লগতে জন্তু আৰু চৰাইৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে (Peacocks Died due to heat in Surendranagar) ৷

প্ৰাপ্ত তথ্য অনুসৰি, চাৰি দিনত 30 টাতকৈও অধিক ময়ূৰৰ মৃত্যুৱে বন বিভাগক উদ্বিগ্ন কৰি তুলিছে ৷ এটাৰ পিচত আন এটা ময়ূৰ পক্ষীৰ মৃত্যুত সতৰ্ক হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ ৷ ফৰেষ্ট ৰেঞ্জ অফিচাৰ এছ.এছ. সৰলাৰ নিৰ্দেশত বন বিভাগৰ উদ্ধাৰকাৰীৰ দলে লগে লগে চাভলাছ গাঁৱত উপস্থিত হয় আৰু আঘাতপ্ৰাপ্ত ময়ূৰ পক্ষীসমূহক তাৎক্ষণিক চিকিৎসাৰ বাবে বাজানা কেয়াৰ চেণ্টাৰলৈ লৈ আহে (Peacocks Died due to heat) ৷

অঞ্চলটোৰ ধৰ্মেশভাই ফাতেপাৰা নামৰ এজন ব্যক্তিৰ মতে "যোৱা চাৰি-পাঁচ দিনত হঠাতে অসুষ্ঠ হৈ পৰে কেইবাটাও ময়ূৰ পক্ষী ৷ এতিয়ালৈকে প্ৰায় 8ৰ পৰা 10 টা অসুস্থ ময়ুৰক বাজনা অভয়াৰণ্য বিভাগীয় কৰ্মচাৰীয়ে চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে ৷ দেওবাৰে পুনৰ আৰু পাঁচটা ময়ূৰ আহত হয় ৷ এই বিষয়ে ইতিমধ্যে বন বিভাগক অৱগত কৰা হৈছে ৷ যদি এই পৰিস্থিতি অব্যাহত থাকে, তেন্তে এসময়ত ময়ূৰ পালনৰ বাবে বিখ্যাত সাৱলাছ গাঁৱৰ পৰা ৰাষ্ট্ৰীয় চৰাই ময়ূৰ নোহোৱা হোৱাৰ সম্ভাৱনা আছে (Peacocks Died due to heat in Surendranagar) ৷

গাওঁবাসীয়ে এতিয়া ময়ূৰ পক্ষীৰ মৃত্যুৰ তদন্তৰ দাবী কৰিছে ৷ বন বিভাগৰ দ্বাৰা মৃত ময়ূৰৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে কৃষক আৰু গাওঁবাসীৰ অনুৰোধত হ্ৰদৰ পানীৰ নমুনা লৈ তদন্ত আৰম্ভ কৰিছে ৷ সুৰেন্দ্ৰনগৰ জিলা দণ্ডাধীশ কে.চি. সম্পতে বিষয়টোৰ প্ৰতি ব্যক্তিগত আগ্ৰহ দেখুৱাই বন বিভাগক ৰাষ্ট্ৰীয় চৰাই হিচাপে বিবেচিত ময়ূৰ সমূহ ৰক্ষা কৰিবলৈ নিৰ্দেশ দিছে (National Bird Peacocks Died due to heat) ৷

লগতে পঢ়ক:Wrestlers Ultimatum Ends : আজি সমাপ্ত মল্লযোদ্ধাৰ চৰমসীমা; মিথ্যাচাৰৰ বিৰুদ্ধে সতৰ্কবাৰ্তা ব্ৰীজ ভূষণৰ

ABOUT THE AUTHOR

...view details