নেশ্যনেল ডেস্ক,৩০ মাৰ্চ :খোৱাপানীৰ সমস্যা সমাধানৰ উদ্দেশ্যে ত্ৰিপুৰা চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ ভিতৰত চৰকাৰৰ অটল জল ধাৰা মিছন আঁচনি অন্যতম (Atal Jaldhara Mission of Tripura)। ইতিমধ্যে ৰাজ্যখনৰ বহুলোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে ।
খোৱাপানী আৰু স্বাস্থ্য অনাময় বিভাগৰ এক তথ্য অনুসৰি ২০১৮ চনৰ পৰা ২০২২ চনলৈ অটল জল ধাৰা মিছনৰ অধীনত ৩ লাখ ৬৬ হাজাৰ ৫৫৩ টা পানীৰ সংযোগ দিবলৈ সক্ষম হৈছে চৰকাৰ (Water connection to more than 3 lakh families)। বিভাগটোৰ প্ৰতিবেদন অনুসৰি চৰকাৰে ২০১৮ চনৰ ২৮ নৱেম্বৰৰ পৰা ২০২২ চনৰ ২ মাৰ্চলৈ মুঠ ৩,৬৬,৫৫৩ টা পৰিয়াললৈ বিনামূলীয়া খোৱাপানীৰ সংযোগ দিছে । এই আঁচনিৰ অধীনত চলিত মাহত অৰ্থাৎ ১ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ মুঠ ২৩,৬২৮ টা পৰিয়াললৈ বিনামূলীয়া খোৱাপানীৰ সংযোগ দিয়া হৈছে ।