অসম

assam

ETV Bharat / bharat

Karnataka Cabinet expansion : শীঘ্ৰেই ২০ জনতকৈ অধিক বিধায়কে ল'ব শপত - Karnataka Cabinet meeting

শীঘ্ৰে হ'ব কৰ্ণাটকৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ (Karnataka Cabinet expansion)। ২০ জনতকৈ অধিক বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । দপ্তৰ প্ৰদানক লৈও চৰ্চা চলি আছে ।

Karnataka Cabinet expansion
শীঘ্ৰেই ২০ জনতকৈ অধিক বিধায়কে ল'ব শপত

By

Published : May 26, 2023, 2:10 PM IST

নেশ্যনেল ডেস্ক,২৬ মে':কৰ্ণাটকত মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ চৰ্চা অব্যাহত আছে । ইতিমধ্যে কংগ্ৰেছৰ শীৰ্ষ বিষয়াসকলে বৃহস্পতিবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ সৈতে ৰাজ্যিক কেবিনেট সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা কৰিছে । কেবিনেটৰ পাছতে ধাৰণা কৰা হৈছে যে শীঘ্ৰে প্ৰায় ২০ গৰাকী বিধায়কে নতুনকৈ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ( 20 ministers to be sworn in soon in Karnataka)।

ইতিমধ্যে শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ বাবে দপ্তৰ আৱণ্টনৰ মাজতে কৰ্ণাটক কংগ্ৰেছৰ শীৰ্ষ দুই নেতাই কৰ্ণাটকৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰণদীপ সুৰজেৱালা আৰু সাংগঠনিক সম্পাদক কে চি বেণুগোপালক সাক্ষাৎ কৰিছে ।

বৃহস্পতিবাৰে অন্তিমখন বৈঠক গুৰুদ্বাৰা ৰাকাবগঞ্জ ৰোড কাৰ্যালয়ত অনুষ্ঠিত হৈছিল য'ত সুৰজেৱালাৰ সৈতে সিদ্দাৰামাইয়া আৰু শিৱকুমাৰে ৰাজ্যখনৰ সম্প্ৰসাৰিত কেবিনেটত অন্তৰ্ভুক্ত কৰিব পৰা নামবোৰ আলোচনা কৰিছে । কৰ্ণাটক কেবিনেটত আৰু প্ৰায় ২০ গৰাকী মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে । সূত্ৰৰ মতে ৰাজ্যিক কেবিনেট চূড়ান্ত হোৱাৰ পূৰ্বে শুকুৰবাৰে আন এক পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব (Karnataka Cabinet meeting)।

শিৱকুমাৰে বুধবাৰে সন্ধিয়াৰ পৰা দিল্লীত শিবিৰ পাতি আছে আৰু সিদ্দাৰামাইয়া বৃহস্পতিবাৰে নিশা দিল্লীত উপস্থিত হৈছে । বৈঠকবোৰত নেতাসকলে সকলো শ্ৰেণী, গোট, সম্প্ৰদায় আৰু অঞ্চলবোৰৰ মাজত ভাৰসাম্য বজাই ৰখাৰ ওপৰত চিন্তা-চৰ্চা কৰিছে । ২০ মে'ত ৮ গৰাকী কেবিনেট মন্ত্ৰীৰ সৈতে সিদ্দাৰামাইয়াই মুখ্যমন্ত্ৰী আৰু শিৱকুমাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাচৰে পৰা কেবিনেট সম্প্ৰসাৰণক লৈ ৰাজ্যখনত ব্যাপক চৰ্চা অব্যাহত আছে (Karnataka Cabinet expansion)।

শপত গ্ৰহণ কৰা মন্ত্ৰীসকলক এতিয়ালৈকে তেওঁলোকৰ দপ্তৰ আৱণ্টন কৰা হোৱা নাই যদিও দপ্তৰৰ বাবে লবিকেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈছে । জ্যেষ্ঠসকলে গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ বাবে দাবী কৰি আছে । প্ৰথম পৰ্যায়ৰ শপতগ্ৰহণত, কংগ্ৰেছ নেতৃত্বই সম্পূৰ্ণ কেবিনেটত অনুমোদন জনোৱা নাছিল যদিও কেবিনেটৰ এক চতুৰ্থাংশত অনুমোদন জনাইছিল । ধাৰণা কৰা হৈছে যে কৰ্ণাটকত সৰ্বাধিক ৩৪ গৰাকী মন্ত্ৰী থাকিব (Karnataka Cabinet)।

সূত্ৰৰ মতে কেৱল সেই বিধায়কসকলৰ নাম হে আলোচনা কৰা হৈছে যিসকলে সকলো শ্ৰেণীক প্ৰতিনিধিত্ব কৰিছে । ইয়াক লৈ সিদ্দাৰামাইয়া আৰু শিৱকুমাৰৰ মাজতো কিছু দূৰত্ব বাঢ়িছে যেন অনুভৱ হৈছে । দুয়োগৰাকীৰে ঘনিষ্ঠসকলক মন্ত্ৰীসভাত স্থান দিয়াৰ বাবে পৃথকে সিদ্দাৰামাইয়া আৰু শিৱকুমাৰে জোৰ দিছে ।

লগতে পঢ়ক :New Parliament Building Inauguration Ceremony : দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান; কি কি কাৰ্যসূচী থাকিব ?

ABOUT THE AUTHOR

...view details