নেশ্যনেল ডেস্ক, ২৬ আগষ্ট:তামিলনাডুৰ মাদুৰাইত ৰে'লত সংঘটিত শোকাৱহ ঘটনাৰ পিছতেই শনিবাৰে ভাৰতীয় ৰে'লৱেই ৰে'লত যাত্ৰা কৰা সময়ত যাত্ৰীসকলে কঢ়িয়াব নোৱাৰা সামগ্ৰীসমূহৰ বিষয়ে পুনৰ উল্লেখ কৰিছে ৷ মাদুৰাইৰ সমীপত উত্তৰ প্ৰদেশৰ লক্ষীপুৰৰ পৰা অহা এখন পৰ্যটন ৰে'লত চাহ যোগান ধৰি থকা অৱস্থাত গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত ৯ জন লোকৰ মৃত্যু হোৱাৰ কেইবাজনো লোক আহত হয় । ভাৰতীয় ৰে'লৱেই উল্লেখ কৰিছে যে ৰে'লত যাত্ৰা কৰোতে ২০ কিলোগ্ৰামতকৈ অধিক ঘিউ কঢ়িয়াবলৈ অনুমতি দিয়া নহ'ব ।
ৰে'লত যাত্ৰা কৰোতে যিবোৰ সামগ্ৰী কঢ়িয়াব নোৱাৰিব সেইবিষয়ে এখন তালিকা প্ৰস্তুত কৰা হৈছে । তিতা ছালৰ লগতে বিস্ফোৰক, জ্বলনশীল পদাৰ্থ আৰু খালী গেছ চিলিণ্ডাৰ, জ্বলনশীল সামগ্ৰী যেনে কেৰাচিন আৰু পেট্ৰ'ল আদি লগত নিব নোৱাৰিব । আনহাতে,প্ৰতিজন যাত্ৰীক ২০ কিলোগ্ৰাম লৈকেহে ঘিউ কঢ়িয়াবলৈ অনুমতি দিয়া হৈছে । তদুপৰি সকলো প্ৰকাৰৰ শুকান ঘাঁহ আৰু পাত আৰু আৱৰ্জনা কাগজ, মৃত কুকুৰা আৰু এচিড আৰু অন্যান্য ক্ষয়কাৰী পদাৰ্থ কোনো যাত্ৰীয়ে কঢ়িয়াব নোৱাৰিব ।