নিউজ ডেস্ক, 27 ডিচেম্বৰ : হিমাচল প্ৰদেশৰ অন্যতম পৰ্যটনস্থলী চিমলাত বছৰটোৰ শেষৰ ফালে পৰ্যটকৰ আগমণ ক্ৰমাৎ বৃদ্ধি পাইছে ৷ বিগত দুটা দিনত চিমলাত প্ৰায় 15 হাজাৰ পৰ্যটকৰ আগমণ ঘটে ৷ যোৱা দুদিনতে চিমলাৰ প্ৰায়বোৰ হোটেল সম্পূৰ্ণ ৰূপে ভৰ্তি হৈ পৰা পৰিলক্ষিত হয় ৷ দেওবাৰেও চিমলাৰ মাল ৰোড আৰু ৰিজ ময়দান পৰ্যটকেৰে ভৰি পৰা পৰিলক্ষিত হয় ৷
ইফালে কৰ‘ণা মহামাৰীৰ ফলত দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকা পৰ্যটনক্ষেত্ৰখন পুনৰ কিছু পৰিমাণে সূচল হৈ পৰাত এতিয়া চিমলাৰ ব্যৱসায়ী সকলৰ মাজতো ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে ৷ কৰ‘ণাৰ বাবে বিগত 9 মাহ ধৰি যথেষ্ট লোকচানৰ সন্মুখীন হৈ আহিছিল চিমলাৰ পৰ্যটক ক্ষেত্ৰখনৰে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে জড়িত থকা ব্যৱসায়ী সকল ৷ আনহাতে স্থানীয় ব্যৱসায়ী সকলৰ দাবীৰ পাছতে চৰকাৰেও নতুন বছৰলৈকে নিশা দহ বজাৰ পাছত নিশাৰ কাৰ্ফিও উঠাই দিয়াৰ লগতে আৰু দেওবাৰেও বজাৰ খোলা ৰখাৰ বাবে অনুমতি প্ৰদান কৰিছে ৷